নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুশান্তৰে ফ্লেটত থকা বন্ধুলৈ সন্দেহৰ আঙুলি

হঠাৎ পিথানীয়ে ৰিয়াৰ পক্ষ ল’লে কিয়?

নিয়মীয়া বাৰ্তা ১৩ আগষ্টঃ অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্ত আগবঢ়াৰ লগে লগে গোটেই ঘটনাটো অধিক ৰহস্যৰ জালত সোমাই পৰিছে৷ প্রেমিকা ৰিয়া চক্রৱর্তীৰ বিৰুদ্ধে প্রয়াত অভিনেতাজনৰ ধন আত্মসাতৰ অভিযোগত এনফ’চমেণ্ট ডাইৰেক্টৰেটে (ই ডি) তদন্ত অব্যাহত ৰখাৰ বিপৰীতে চি বি আয়েও ঘটনাটোৰ প্রাৰম্ভিক তদন্ত আৰম্ভ কৰিছে৷ ইতিমধ্যে অভিনেত্রী ৰিয়াক ই ডিয়ে দুদিন প্রায় ৯ ঘণ্টাকৈ জেৰা কৰিছে৷ ই ডিৰ জেৰাৰ সন্মুখীন হৈছে তেওঁৰ পিতৃ আৰু ভাতৃও৷ ইয়াৰ মাজতে আজি গুৰুতৰ অভিযোগ উত্থাপন হৈছে সুশান্তৰ বন্ধু সিদ্ধার্থ পিথানীৰ বিৰুদ্ধে৷ ইতিপূর্বে ই ডিৰ জেৰাৰ সন্মুখীন হোৱা পিথানীৰ বিৰুদ্ধে সুশান্তৰ পৰিয়ালৰ অধিবক্তাজনে মুকলিকৈ এই অভিযোগ উত্থাপন কৰি কয় যে হঠাতে তেওঁ সুশান্তৰ প্রেমিকা ৰিয়াৰ পক্ষ লোৱাটো ৰহস্যজনক৷ অধিবক্তাজনৰ মতে সুশান্তৰ মৃত্যুৰ পাছৰে পৰা পৰিয়ালৰ লোকৰ লগত সকলো ধৰণৰ সহযোগ কৰিছিল সিদ্ধার্থ পিথানীয়ে৷ কিন্তু পৰিয়ালৰ লোকে বিহাৰত সুশান্তৰ অস্বাভাৱিক মৃত্যু সন্দর্ভত গোচৰ ৰুজু কৰাৰ পাছতে তেওঁ সলনি হৈ যায়৷ সুশান্তৰ পৰিয়ালৰ পৰা সম্পূর্ণ দূৰত্ব ৰক্ষা কৰাৰ বিপৰীতে পিথানীয়ে ৰিয়া চক্রৱর্তীকহে সহায় কৰা বুলি অধিবক্তাজনে আজি মন্তব্য কৰে৷ তেওঁ কয় যে পিথানীৰ এনে আচৰণ অত্যন্ত ৰহস্যজনক৷ ‘সিদ্ধার্থ পিথানী অতি বুধিয়ক অপৰাধী৷ এটা সময়ত তেওঁ সুশান্তৰ পৰিয়ালক সহায় কৰাৰ ভাও ধৰিছিল৷ মুম্বাইৰ পৰা নিয়মিতভাৱে নিজেই সুশান্তৰ পৰিয়াললৈ ফোন কৰি সহায়ৰ হাত আগবঢ়াইছিল৷ কিন্তু গোচৰ পঞ্জীয়ন হোৱাৰ পাছতে তেওঁ ৰিয়াক সহায় কৰা আৰম্ভ কৰিছে৷’ –অধিবক্তা বিকাশ সিঙে কয়৷ উল্লেখ্য যে সুশান্তৰ সৈতে বান্দ্রাৰ ফ্লেটত একেলগে আছিল তেওঁৰ বন্ধু সিদ্ধার্থ পিথানী৷ বিজ্ঞান আৰু কম্পিউটাৰত সুদক্ষ হোৱা বাবে পিথানীক একেলগে থাকিবলৈ মাতি আনিছিল সুশান্তই৷ তেওঁৰ সকলো খৰচো সুশান্তই বহন কৰিছিল৷ ইয়াৰ বিপৰীতে ভার্চুৱেল ৰিয়েলিটীৰ ওপৰত সুশান্তৰ সৈতে কাম কৰিছিল পিথানীয়ে৷ মহাকাশ আৰু বিজ্ঞানত বিশেষ অভিৰুচি থকা সুশান্তৰ একমাত্র এই কামৰ বাবেই পিথানীৰ সৈতে বন্ধুত্ব অটুট আছিল৷ ইয়াৰ পূর্বেও দুয়োজন একেলগে আছিল যদিও সুশান্তই কিছুদিনৰ পাছতে পিথানীৰ কেতবোৰ আচৰণত অসন্তুষ্ট হৈ ঘৰৰ পৰা যাবলৈ দিছিল৷ কিন্তু পাছত তেওঁক ভার্চুৱেল ৰিয়েলিটীৰ কামৰ বাবেই সুশান্তই পুনৰ মাতি পঠিয়ায়৷ এই কামত যথেষ্ট পাকৈত পিথানী৷ আনহাতে, প্রেমিকা ৰিয়াৰ হেঁচাতেই সুশান্তই পুনৰ পিথানীক নিজৰ ফ্লেটত থাকিবলৈ দিয়া বাবে সন্মত হৈছিল বুলি ঘনিষ্ঠ সূত্রই প্রকাশ কৰিছে৷ সুশান্তৰ সৈতে লিভ টুগেদাৰত থকাৰ সময়তেই ৰিয়াই একেটা ফ্লেটতে থকা পিথানীকো বিশেষ উদ্দেশ্যৰে মোহাচ্ছন্ন কৰি ৰাখিছিল নেকি? দুয়োৰে মাজত শেহতীয়া ঘনিষ্ঠতাই এই কথাও চর্চালৈ আনিছে৷ আন এক চাঞ্চল্যকৰ তথ্য মতে, সুশান্তই হতাশাগ্রস্ততা আৰু মানসিক ৰোগৰ চিকিৎসাৰ বাবে ঔষধ নিজে ক্রয় কৰা নাছিল৷ বৰঞ্চ ৰিয়াই প্রেচকিপচন নিজৰ হাতত ৰাখিছিল আৰু ফার্মাচীৰ পৰা নিজে অথবা কর্মচাৰীৰ হতুৱাই দৰব আনিছিল৷ আনহাতে, সুশান্তক নিতৌ দৰব দিছিল পিথানীয়ে৷ কিন্তু শেহতীয়াকৈ এই সন্দর্ভত সন্মুখীন হোৱা প্রশ্ণৰ উত্তৰত পিথানীয়ে দৰবৰ নাম পাহৰাৰ ভাও ধৰে৷ সুশান্তৰ মৃত্যুৰ পাছতে তেওঁৰ প্রাক্তন ৰান্ধনি অশোক কুমাৰ খাচুৱে কেতবোৰ চাঞ্চল্যকৰ তথ্য প্রকাশ কৰিছে৷ ‘ভায়া (সুশান্ত) হতাশাগ্রস্ততাত ভোগা বুলি মই বিশ্বাস কৰিব নোৱাৰোঁ৷ এনে এজন মানুহে আত্মহত্যা কৰাটো অবিশ্বাস্য৷ তিনি বছৰ মই তেওঁৰ সৈতে ছাঁটোৰ দৰে আছিলোঁ৷ মই তেওঁক ভালদৰে জানোঁ৷’ –অশোকে কয়৷ প্রত্যক্ষ নহ’লেও ৰিয়া সন্দর্ভত তেওঁৰ আপত্তি আৰু অসন্তুষ্টি স্পষ্ট ৰূপত ফুটি উঠিছে কেতবোৰ মন্তব্যত৷ তেওঁ কয় যে ২০১৯ চনৰ অক্টোবৰত ইউৰোপ ভ্রমণৰ পৰা প্রেমিকা ৰিয়াৰ সৈতে ঘূৰি অহাৰ পাছত সুশান্ত যথেষ্ট সলনি হৈ পৰিছিল৷ অশোকক এই কথা জনাইছিল সেই সময়ত ৰান্ধনি আৰু কর্মচাৰী হিচাপে থকা কেশৱ আৰু নীৰজে৷ অশোকক চাকৰিৰ পৰা অব্যাহতি দি ৰিয়াই কেশৱক নতুন ৰান্ধনি হিচাপে নিযুক্তি দিছিল৷ তেওঁ কয় যে সুশান্তৰ জীৱনত ৰিয়াৰ প্রৱেশৰ পাছতে তিনিগৰাকী ভগ্ণীৰ প্রতিও অভিনেতাজনৰ আচৰণ যথেষ্ট সলনি হৈছিল৷ মুম্বাইলৈ আহিলেই তেওঁলোক সুশান্তৰ সৈতে একেলগে আছিল যদিও পাছত তেওঁলোকৰ অহা–যোৱা বন্ধ হয় আৰু সম্ভৱতঃ ইয়াৰ আঁৰত আছিল প্রেমিকা ৰিয়া৷ ইতিমধ্যে তেওঁৰ এই ভাষ্য মুম্বাই আৰু পাটনা আৰক্ষীক দিয়া বুলি সুশান্তৰ প্রাক্তন ৰান্ধনিজনে জানিবলৈ দিয়ে৷

You might also like