নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছমাহত দুবাৰকৈ ক’ৰোনাত আক্রান্ত চীনৰ বয়োজ্যেষ্ঠ মহিলা

নিয়মীয়া বাৰ্তা, ১৩ আগষ্ট: ক’ভিড–১৯ মহামাৰীৰ পৰা আৰোগ্য লাভ কৰা চীনা মহিলা এগৰাকী পুনৰ এই মাৰাত্মক ভাইৰাছবিধৰ দ্বাৰা সংক্রমিত হোৱাৰ ঘটনাই চাঞ্চল্য সৃষ্টি হৈছে৷ ছমাহ পূর্বে হুবেই প্রদেশৰ জিংঝু অঞ্চলৰ বাসিন্দা ৬৮ বছৰীয়া মহিলাগৰাকী ক’ভিড–১৯ত আক্রান্ত হৈছিল৷

পৰৱর্তী সময়ত মহিলাগৰাকী সুস্থ হয় যদিও শেহতীয়াকৈ পুনৰ ক’ভিডত আক্রান্ত হোৱাৰ লগে লগে চীনৰ চিকিৎসকসকলৰ মাজত বিষয়টোক লৈ সৃষ্টি হৈছে উৎসুকতা৷ মাত্র ছমাহৰ ভিতৰতে মহিলাগৰাকী পুনৰ ক’ভিড–১৯ত আক্রান্ত হোৱা বিষয়টোক লৈ বিশেষজ্ঞ চিকিৎসকলৰ মাজত চলিছে চর্চা৷ মাৰাত্মক ভাইৰাছবিধৰ দ্বাৰা আক্রান্ত হোৱাৰ পাছত আৰোগ্য লাভ কৰাৰ অতি কম সময়ৰ ভিতৰতে পুনৰ ইয়াৰ দ্বাৰা সংক্রমণ কেনেদৰে সম্ভৱ, তাক লৈ চলিছে দেশখনত নতুন গৱেষণা৷

You might also like