নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুশান্ত গোচৰঃ চি বি আয়ে আজিৰ পৰা আৰম্ভ কৰিলে তদন্ত

নিয়মীয়া বাৰ্তা, ২১ আগষ্টঃ চিবিআয়ে আজিৰ পৰা আৰম্ভ কৰিলে অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্ত। বাতৰি সংস্থা এ এন আইৰ সূত্ৰ অনুসৰি, আজি দিল্লীৰ পৰা মুম্বাইলৈ ৰাওনা হয় চিবিআইৰ দল। দলটোৱে পুৱা চাণ্টাক্ৰুজত এখন বৈঠকত মিলিত হয় আৰু কিছু সময় পিছত এজন অজ্ঞাত সাক্ষীক সোধা-পোছাৰ বাবে উক্ত গেষ্ট হাউছলৈ লৈ আহে।

চিবিআইৰ দ্বিতীয়টো দলে বান্দ্ৰা আৰক্ষী থানালৈ যায়। ধাৰণা কৰা হৈছে যে মুম্বাই আৰক্ষীৰ পৰা তেওঁলোকে আজি সকলো তথ্য, নথিপত্ৰ হস্তগত কৰিব। জানিব পৰা মতে, চিবিআইৰ দল সুশান্তৰ ঘৰলৈও অনুসন্ধানৰ প্ৰসংগত অতি সোনকালে যাব পাৰে।

উল্লেখ্য ১৪ জুনত আত্মহত্যা কৰা অভিনেতা সুশান্তৰ মৃত্যুৰ তদন্ত মুম্বাই আৰক্ষীয়ে কৰি আছিল যদিও বিহাৰ চৰকাৰ আৰু সুশান্তৰ পিতৃয়ে তৰা গোচৰৰ ভিত্তিত এই তদন্তৰ দায়িত্ব চিবিআইক অৰ্পণ কৰা হয় যোৱা বুধবাৰে।

You might also like