নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৃত্যুৰ তিনি দিন পূৰ্বে পিতৃৰে কি কথা পাতিছিল সুশান্তই ?

নিয়মীয়া বাৰ্তা, ১৫ জুনঃ তেওঁ এতিয়া অতীত যদিও তেওঁৰ স্মৃতি ডগমগাই জ্বলি থকা একুৰা জুই। এই জুয়ে অগণন গুণমুগ্ধৰ দৰে দগ্ধ কৰিছে তেওঁৰ পিতৃকো।

কাৰণ মৃত্যুৰ মাত্ৰ তিনি দিন পূৰ্বে সুশান্তই ফোন কৰিছিল পিতৃক। বিহাৰ নিৱাসী পিতৃৰ বাসভৱনত ফোন উঠাইছিল বনকৰা মহিলা লক্ষ্মী বায়ে। লক্ষ্মীক কৈছিল- কৰোনা মহামাৰীৰ এই সময়ত দেউতাৰ স্বাস্থ্যৰ দিশত মনোযোগ দিব। ইয়াৰ পিছত দেউতাক কে কে সিঙৰে হোৱা কথোপকথনতো কৰোনাৰ এনে পৰিৱেশত তেওঁক বাহিৰলৈ নোলাবলৈ পৰামৰ্শ দিছিল।

পিতৃৰ স্বাস্থ্যক লৈ সচেতন সুশান্তৰ মানসিক অৱস্থা ঠিকেই থকা যেন পাইছিল পিতৃয়ে। কিন্তু মাত্ৰ তিনি দিন পিছতেই আত্মহত্যাৰ খবৰ শুনি পিতৃ স্তম্ভিত হৈ পৰিছিল।

You might also like