নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড যুঁজত অংশ ল’বলৈ সাজু হওক সেনা

নিয়মীয়া বাৰ্তা, ২১ এপ্ৰিলঃ ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰে দেশজুৰি বিভীষিকাময় পৰিৱেশ সৃষ্টি কৰাৰ সময়তে  প্রতিৰক্ষা বাহিনীৰ সৈতে পর্যালোচনা বৈঠকত মিলিত হয় কেন্দ্রীয় প্রতিৰক্ষামন্ত্রী ৰাজনাথ সিং৷ এই বৈঠকত দেশজুৰি ক’ভিডক লৈ সৃষ্টি হোৱা পৰিস্থিতি সন্দর্ভত বিতং আলোচনাৰ অন্তত ক’ভিড যুঁজত অসামৰিক প্রশাসনক পূর্ণ সহায় আগবঢ়োৱাৰ বাবে সেনাক সাজু হৈ থাকিবলৈ আহ্বান জনায় মন্ত্রীগৰাকীয়ে৷ অসামৰিক লোকৰ বাবে সেনাই চিকিৎসা, সা–সুবিধা মুকলি কৰি ৰখাৰ লগতে শীর্ষ কমাণ্ডাৰসকলক ৰাজ্যৰ মুৰব্বীৰ সৈতে যোগাযোগ ৰাখিবলৈ আহ্বান জনায় মন্ত্রীগৰাকীয়ে৷

ক’ভিড–১৯ যুঁজত ৰাজ্যসমূহৰ মুখ্যমন্ত্রীসমূহক সকলো প্রকাৰে সহায়–সহযোগিতা আগবঢ়াবলৈ সেনাক সাজু হৈ থাকিবলৈ মন্ত্রীগৰাকীয়ে বৈঠকত আহ্বান জনায়৷ প্রতিৰক্ষা মন্ত্রালয়ে প্রকাশ কৰা মতে মন্ত্রী সিঙে সেনাৰ মুৰব্বী জেনেৰেল এম এম নাৰাবানেৰ সৈতে ক’ভিড–১৯সৃষ্ট পৰিস্থিতিক লৈ আলোচনা কৰে আৰু এই আলোচনাৰ সময়তে ৰাজ্যৰ ৰাজধানীলৈ গৈ মুখ্যমন্ত্রীৰ সৈতে সেনাৰ শীর্ষ বিষয়াক আলোচনা মর্মে সকলো সম্ভাব্য সাহায্য প্রদান কৰিবলৈ আহ্বান জনায়৷ প্রতিৰক্ষা সচিব অজয় কুমাৰে সেনাৰ হাস্পতালসমূহ ক’ভিড ৰোগীৰ বাবে মুকলি কৰি ৰখা হৈছিল বুলিও কয়৷ ইতিমধ্যে লক্ষ্ণৌত ডি আৰ ডি অ’ই দুখন ক’ভিড হাস্পতাল স্থাপন কৰিছে৷

You might also like