নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মধ্যস্থতাকাৰী আৰু জনতাৰ সন্মুখত বন্দী চিআৰপিএফ জোৱানক মুকলি কৰি দিলে মাওবাদীয়ে

নিয়মীয়া বাৰ্তা, ৮ এপ্ৰিলঃ যোৱা ৩ এপ্ৰিলত ছত্তিশগড়ৰ বিজাপুৰত আক্ৰমণৰ সময়ত নক্সালবাদীৰ দ্বাৰা অপহৃত কেন্দ্ৰীয় ৰিজাৰ্ভ আৰক্ষী বাহিনীৰ কোব্ৰা গোটৰ কমাণ্ডো ৰাকেশ্বৰ সিং মানহাছক আজি মাওবাদী উগ্ৰপন্থীয়ে মুকলি কৰি দিছে বুলি আৰক্ষী সূত্ৰই জানিবলৈ দিয়ে।

যোৱা শনিবাৰে ছত্তিশগড়ৰ চুকমা-বিজাপুৰ সীমান্তত নিৰাপত্তাৰক্ষী আৰু নক্সালৰ মাজত সংঘটিত সংঘৰ্ষত ২২ জন সুৰক্ষা কৰ্মীয়ে প্ৰাণ হেৰুওৱাৰ লগতে ৩১গৰাকী আঘাতপ্ৰাপ্ত হৈছিল। এই আক্ৰমণৰ সময়ত এগৰাকী চি আৰ পি এফ জোৱান সন্ধানহীন হৈ আছিল যদিও পিছত তেওঁক বন্দী কৰা বুলি মাওবাদীয়ে চিঠিযোগে জনাইছিল।

এইক্ষেত্ৰত মাওবাদীয়ে চিআৰপিএফক মধ্যস্থতাকাৰীৰ সহযোগত তেওঁক মুকলি কৰি দিয়া হ’ব বুলি জনাইছিল আৰু আজি সেই মৰ্মে জোৱানগৰাকীক মুকলি কৰি দিয়ে। এই সন্দৰ্ভত প্ৰচাৰ হোৱা দুটা ভিডিঅ’ত দেখা যায় যে জোৱানগৰাকীক মাওবাদী অধ্যুষিত অঞ্চলত বহুসংখ্যক জনতা আৰু মধ্যস্থতাকাৰীৰ সন্মুখত মুকলি কৰি দিয়ে মাওবাদীয়ে।

কেন্দ্ৰীয় মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে কমাণ্ডোৰ মুক্তিত আনন্দ প্ৰকাশ কৰি কয় যে এইটো তেওঁৰ পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলৰ বাবে এক বৃহৎ সকাহ।

You might also like