নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পশ্চিমবংগ বিধানসভা নির্বাচনত আঠটা পর্যায়ত ভোটগ্রহণ; বিজেপিৰ সুবিধাৰ বাবে এই পদক্ষেপঃ মমতা

নিয়মীয়া বাৰ্তা, ২৭ ফেব্ৰুৱাৰীঃ পশ্চিমবংগ বিধানসভা নির্বাচন ৮টা পর্যায়ত অনুষ্ঠিত কৰাক লৈ তীব্র অসন্তুষ্টি ব্যক্ত কৰিছে মুখ্যমন্ত্রী মমতা বেনার্জীয়ে৷ দেশৰ নির্বাচন আয়োগে পশ্চিমবংগকে ধৰি পাঁচ ৰাজ্যৰ বিধানসভা নির্বাচনৰ দিন ঘোষণা কৰাৰ পিছতে প্রতিক্রিয়া ব্যক্ত কৰি মুখ্যমন্ত্রী বেনার্জীয়ে কয়– মই নির্বাচন আয়োগৰ সিদ্ধান্তক সন্মান জনাওঁ৷ কিন্তু কিয় জিলাসমূহক বিভক্ত কৰা হৈছে৷ আমাৰ শক্তিশালী ভেটি দক্ষিণ ২৪ পৰগানা৷ তাত ভোটগ্রহণ হ’ব তিনিটা পৃথক পর্যায়ত৷ এয়া কি মোদী আৰু শ্বাহৰ সুবিধাৰ বাবে কৰা হৈছে৷ তদুপৰি মুখ্যমন্ত্রী বেনার্জীয়ে পশ্চিমবংগৰ নির্বাচনত ভাৰতীয় জনতা পার্টীক সুযোগ দিবলৈ ৮টা পর্যায়ত অনুষ্ঠিত কৰাৰ অভিযোগ তুলিছে৷

সাংবাদিকৰ সৈতে হোৱা কথোপকথনত মুখ্যমন্ত্রী বেনার্জীয়ে পুনৰ কয়– মই নির্বাচন আয়োগক পশ্চিমবংগক নিজৰ প্রদেশ হিচাপে বিবেচনা কৰিবলৈ অনুৰোধ জনাইছোঁ৷ বিজেপিৰ দৃষ্টিৰে নহয়৷ কেন্দ্রীয় চৰকাৰক আক্রমণৰ লক্ষ্য কৰি লৈ মুখ্যমন্ত্রীগৰাকীয়ে কয় যে এখন ৰাজ্যৰ নির্বাচনৰ কাৰণে কেন্দ্রই ক্ষমতাৰ অপব্যৱহাৰ কৰিব নোৱাৰে৷ যদি তেওঁলোকে তেনে কৰে, তেতিয়াহ’লে বৃহৎ ভুল হ’ব৷ আমি সাধাৰণ মানুহ, যুদ্ধত আমি যুঁজি যাম৷

You might also like