নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছেনছেক্স ১,৯৩৯ পইণ্ট নিম্নগামী

নিয়মীয়া বাৰ্তা, ২৭ ফেব্ৰুৱাৰীঃ বিগত মাহ ধৰি ছেনছেক্স ঊর্ধ্বগামী হৈ থকাৰ সময়তে শুকুৰবাৰে হঠাতে ছেনছেক্সৰ পতন ঘটিল৷ ১১ মাহৰ ভিতৰত আজিৰ দিনটো ছেনছেক্সৰ বাবে বৃহৎ লোকচানৰ দিন৷ আন্তর্জাতিক শ্বেয়াৰ বজাৰৰ পৰা বিৰূপ প্রভাৱৰ ফলত  বি এছ ই ছেনছেক্স আৰু এন এছ ই নিফটীৰ পইণ্ট নিম্নগামী হয়৷

বি এছ ই ছেনছেক্স কালি বজাৰ সামৰণি পৰালৈকে ১৯৩৯ পইণ্ট নিম্নগামী হয় আৰু ৪৯,০৯৯.৯৯ত বজাৰ সামৰণি পৰে৷ তেনেদৰে এন এছ ই নিফটীও ৫৬৮ পইণ্ট তথা ৩.৭৬ শতাংশ নিম্নগামী হৈ ১৪,৫২৯.১৫ত বজাৰ সামৰণি পৰে৷

You might also like