নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাৰ বিভীষিকা, নিজ হাস্পতালতে নাপালে খালী আই চি ইউ বেড, মৃত্যুক বৰণ চিকিৎসকৰ

নিয়মীয়া বাৰ্তা, ২৬ এপ্ৰিলঃ ক’ৰোনাই দেশ ছানি ধৰাৰ সময়ত এগৰাকী চিকিৎসকৰ মৃত্যুৱে চকিত কৰিছে সকলোকে। এই চিকিৎসকগৰাকীয়ে নিজে এটা যুগ ধৰি চিকিৎসা সেৱা আগবঢ়োৱা চিকিৎসালয়ত এখন আই চি ইউ বেডৰ অভাৱত মৃত্যুক সাবটিব লগা হয়।

মৃত চিকিৎসকজন জে কে মিশ্ৰা (৮৫) বুলি চিনাক্ত কৰা হৈছে। তেওঁ উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ ৰাণী নেহৰু চিকিৎসালয়ত পঞ্চাশ বছৰৰো অধিক সময় ধৰি কাম কৰি আছিল। সোমবাৰে তেওঁৰ  নিজ কৰ্মভূমি চিকিৎসালয়তে ভেণ্টিলেটৰ বিছনাৰ অভাৱৰ বাবে মৃত্যু হয়।

নিজ চিকিৎসালয়খনতে আই চি ইউ বেডৰ অভাৱত পৰি মৃত্যুক বৰণ কৰা প্ৰসংগত বহুতে চিকিৎসা কৰ্তৃপক্ষক দূষিছে যদিও এয়াই এতিয়া ভাৰতৰ হাস্পতালৰ বাস্তৱ ছবি।

জানিব পৰা মতে, ডাঃ মিশ্ৰাৰ চিকিৎসাৰ বাবে জৰুৰীভাৱে ভেণ্টিলেটৰৰ প্ৰয়োজন আছিল যদিও চিকিৎসালয়খনত থকা মুঠ ১০০খন বিছনা আন ক’ৰোনা সংক্ৰমিত ৰোগীৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হৈ আছিল।

এনে পৰিস্থিতিত আন কোনো ৰোগীক আঁতৰ কৰা অসম্ভৱ আছিল। এনেকৈয়ে ডাঃ মিশ্ৰই মৃত্যুবৰণ কৰিব লগা হয় নিজে পঞ্চাশ বছৰে কাম কৰা চিকিৎসালয়খনত।

উল্লেখ্য, কৰোনাৰ দ্বিতীয় ঢৌ বৈছে উত্তৰ প্ৰদেশলৈও। বৰ্তমান ৰাজ্যখনত সক্ৰিয় ঘটনাৰ সংখ্যাই ২.৯৭ লাখ স্পৰ্শ কৰিছে।

You might also like