নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনাত জ্বলি উঠিল বাহন, ১১জনৰ প্ৰাণহানি

ডিজিটেল ডেস্ক, ২৩ এপ্ৰিল : উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰ জিলাত মাউগঞ্জ-মিৰ্জাপুৰ পথত বুধবাৰে (২২ এপ্ৰিল) নিশা সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাই সমগ্ৰ অঞ্চল কঁপাই তোলে। এনএইচ-১৩৫ৰ ড্ৰামনগঞ্জ ঘাটিত তীব্ৰ গতি আৰু ব্ৰেক ফেল হোৱা এখন ট্ৰাকে এনে এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত কৰে যে কেইটামান মুহূৰ্তৰ ভিতৰতে চাৰিখন বাহন একেলগে খুন্দা খায় আৰু এখন বলেৰো গাড়ী জ্বলি উঠে।

জানিব পৰা মতে, মধ্যপ্ৰদেশৰ পৰা আহি থকা ট্ৰাকখন পাহাৰীয়া অঞ্চল এটাত হঠাৎ নিয়ন্ত্ৰণহীন হৈ পৰে। ফলত ই সন্মুখত থকা বলেৰো এখনত প্ৰচণ্ড জোৰত খুন্দা মাৰি সন্মুখত থকা ট্ৰাক এখনত খুন্দা মাৰে। ফলত বলেৰো বাহনখন দুয়োখন ট্ৰাকৰ মাজত সোমাই পৰে। সংঘৰ্ষটো ইমানেই ভয়ংকৰ আছিল যে বলেৰোখন চকুৰ পলকতে অগ্নিকুণ্ডত পৰিণত হয়।

মেহৰ ধাম দৰ্শন কৰি বলেৰো বাহনখনত আহি থকা এটা পৰিয়াল এই মৰ্মান্তিক দুৰ্ঘটনাৰ চিকাৰ হয়। এই ঘটনাত ৯জন লোক জীৱন্তে দগ্ধ হয়, যাৰ ভিতৰত মহিলা আৰু শিশুও আছিল। আনহাতে, এখন গাড়ীৰ যাত্ৰী আৰু এখন ট্ৰাকচালকৰো মৃত্যু হয়। মুঠ ১১জনৰ মৃত্যুত সমগ্ৰ অঞ্চলত শোকৰ ছাঁ পৰিছে। চিঞৰ-বাখৰ আৰু অগ্নিশিখাৰ মাজতে স্থানীয় লোকে সহায় কৰিবলৈ আগবাঢ়ে যদিও জুই ইমানেই ভয়ংকৰ আছিল যে কাকো উদ্ধাৰ কৰিব পৰা নগ’ল।

আৰক্ষীৰ মতে, বলেৰোখনত থকা সকলো যাত্ৰী প্ৰয়াগৰাজৰ মাণ্ডা অঞ্চলৰ হাটা গাঁৱৰ বাসিন্দা আছিল আৰু মেহৰ ধামৰ পৰা উভতি আহিছিল। ঘটনাৰ খবৰ পোৱাৰ লগে লগে পুলিচ আৰু অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ কঠোৰ প্ৰচেষ্টাৰ পিছত জুই নিয়ন্ত্ৰণ কৰে।

মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এই ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে। বৰ্তমান পুলিচে মৃতদেহসমূহ চিনাক্তকৰণ আৰু ঘটনাৰ তদন্তত ব্যস্ত হৈ আছে। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে মৃতকৰ পৰিয়ালক ২ লাখ টকা আৰু আহতসকলক ৫০ হাজাৰ টকাৰ সহায়ৰ ঘোষণা কৰিছে।

You might also like