নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রখ্যাত ভজন গায়ক নৰেন্দ্র চঞ্চলৰ দেহাৱসান

নিয়মীয়া বাৰ্তা ২৩ জানুৱাৰীঃ কিংবদন্তি ভজন গায়ক নৰেন্দ্র চঞ্চলৰ ৮০ বছৰ বয়সত নতুন দিল্লীত দেহাৱসান ঘটিছে৷ ধর্মীয়গীত আৰু ভজনৰ বাবে প্রখ্যাত গায়ক নৰেন্দ্র  চঞ্চলৰ শুকুৰবাৰে দিনৰ ১২.১৫ বজাত নতুন দিল্লীৰ এপ’লো হাস্পতালত বিয়োগ হয়৷ ‘বেশ্বক মন্দিৰ মছজিদ (ববী ১৯৭৩), বাকী কুছ বাছা (ৰ’তি কাপ্ৰা অৰ মকান ১৯৭৪) আৰু হুৱে হেই কুছ ইউছে (অঞ্জানে ১৯৯৪) আদি অতি জনপ্রিয় গীতৰ কণ্ঠশিল্পী নৰেন্দ্র চঞ্চলৰ জন্ম হৈছিল ১৯৪০ চনত অমৃতসৰত৷ আধ্যাত্মিক ভাবাপন্ন পাঞ্জাবী পৰিয়ালত জন্মগ্রহণ কৰা চঞ্চলে শৈশৱৰ পৰাই ধর্মীয় গীতৰ প্রতি আকর্ষিত হৈ পাছলৈ ভজনকে নিজৰ আত্মা হিচাপে লৈ কথাছবিৰ লগতে ধর্মীয় অনুষ্ঠান–প্রতিষ্ঠানত্ গীত পৰিৱেশন কৰি দেশজুৰি সমাদৰ লাভ কৰিছিল৷

চঞ্চলে নিজৰ জীৱনৰ ঘাত–প্রতিঘাত আৰু কঠিন সময়ক প্রতিফলিত কৰি কিদৰে সফল হৈছিল তাক লৈ লিখিছিল ‘মিড নাইট ছিংগাৰ’ নামৰ আত্মজীৱনীখন৷ ‘ববী’ ছবিৰ বেশ্বক মন্দিৰ মছজিদ শীর্ষক গীতৰ বাবে ফ্লিমফেয়াৰ শ্রেষ্ঠ পুৰুষ নেপথ্য কণ্ঠশিল্পী বঁটা লাভ কৰা চঞ্চলে প্রতিবছৰে ২৯ ডিচেম্বৰত কাট্টা বৈষ্ণোদেৱী মন্দিৰ দর্শন কৰি বছৰটোৰ শেষৰ দিনা ভজন পৰিৱেশন কৰিছিল৷ আমেৰিকা যুক্তৰাষ্ট্রৰ জর্জিয়াৰ সন্মানীয় নাগৰিকত্ব লাভ কৰা শিল্পী চঞ্চলৰ বিয়োগত দেশৰ সাংস্কৃতিক মহলত শোকৰ ছাঁ পৰিছে৷ চঞ্চলৰ বিয়োগত গভীৰ শোক প্রকাশ কৰিছে প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু কিংবদন্তি শিল্পী লতা মংগেশকাৰে৷

You might also like