নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চি আই এছ এফত ৬৯০ চাকৰি

কেন্দ্রীয় চৰকাৰৰ গৃহ পৰিক্রমা মন্ত্রালয়ৰ অধীনস্থ কেন্দ্রীয় ঔদ্যোগিক সুৰক্ষা বাহিনীত মুকলি হৈছে চাকৰিৰ সুযোগ৷ যোগ্য ভাৰতীয় প্রার্থীৰ পৰা আবেদন আহ্বান কৰি বিভাগীয় সঞ্চালকে ডিএভিপিৰ জৰিয়তে এক বিস্তৃত নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷

Assistant Sub Inspector-Executiveৰ মুঠ ৬৯০টা খালী পদ পূৰণ হ’বলগীয়াZonal/Plant/RTC/DIG Officeসমূহ হৈছে ক্রমেFHQ New Delhi, ADG (North) Office, ADG (APS) Office, NS HQ New Delhi, DIG/NZ-1-Mahipalpur-New Delhi, DIG/NZ-II-JAMMU, DIG-CISF Unit SSG Gr. Noida, DIG/NZAP HQ New Delhi, DIG DOS-II HQ New Delhi, DIG-ASG Delhi, DIG RTC Deoli, DIG RTC Behror, NCR Sector HQ, DIG NCR Zone New Delhi, DIG DMRC New Delhi, DIG CGBS New Delhi, ADG (South) Mumbai, WS HQ Mumbai, DIG WZ HQ Mumbai, DIG WZAP Mumbai, DIG ASG Mumbai, DIG RTC Barwaha, CS HQ Bhilai, DIG CZ HQ Bhilai, DIG RTC Bhilai, DIG SECL Bilaspur, DIG BSP Bhilai, SS HQ Chennai, APS-II HQ Bengaluru, NISA Hyderabad, DIG SZ-1 HQ Chennai, DIG ASG Chennai, DIG SZ-II Hyderabad, DIG NLC Neyveli, DIG DAE HQ Hyderabad, DIG RTC Arakkonam, DIG ASG Bengaluru, DIG DOS HQ Bengaluru, DIG ASG Hyderabad, DIG APSZ Chennai, ES HQ Ranchi, DIG EZ-1 HQ Patna, DIG EZ-II HQ Prayagraj, DIG BSL Bokara, DIG BCCL Dhanbad, DIG CCL Kargil, SES HQ Kolkata, DIG SEZ HQ Kolkata, DIG IISCO Burnpur, DIG AP E&NE Kolkata, DIG RSP Rourkela, DIG DSP Durgapur, DIG SEZ-II HQ Mundali, DIG RTC Mundali, NES HQ Guwahati, DIG NEZ HQ Guwahati আৰুDIG ONGC Nazira৷ মুঠ খালী পদ ৬৯০টাৰ ভিতৰত অসংৰক্ষিত ৫৩৬টা, এছচিৰ ১০৩টা আৰু এছটি শ্রেণীৰ প্রার্থীৰ বাবে ৫১টা পদ সংৰক্ষিত থাকিব৷

আবেদনকাৰী স্বীকৃতিপ্রাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্রীধাৰী হোৱাৰ লগতেConstable/GD, Head Constable আৰুGD Constable/Tradesman হিচাপে ১ আগষ্ট, ২০২০লৈ ৫ বছৰীয়া কর্ম অভিজ্ঞতা থকা হ’ব লাগিব৷ প্রার্থীৰ বয়স ১ আগষ্ট, ২০২০লৈ ১৮–৩৫ বছৰৰ ভিতৰত হ’ব লাগিব৷

অৱশ্যে প্রার্থীৰ জন্ম ২ আগষ্ট, ১৯৮৫ৰ পূর্বে হোৱা হ’ব নালাগিব৷ বয়সৰ ঊর্ধ্বসীমা সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে ৫ বছৰ পর্যন্ত ৰেহাই লাভ কৰিব৷ শৈক্ষিক অর্হতাৰ উপৰি প্রার্থীৰ শাৰীৰিক গঠন চাকৰিৰ বাবে যোগ্য হ’ব লাগিব৷ আগ্রহীসকলে যাৱতীয় নথি–পত্রৰ প্রত্যায়িত প্রতিলিপিসহ নির্ধাৰিত প্র–পত্র পূৰ কৰি নিজ নিজ জিলাৰ কার্যালয়ত জমা কৰিব লাগিব৷ অহা ৫ ফেব্রুৱাৰীৰ ভিতৰত আবেদন গ্রহণ কৰা হ’ব৷ বিজ্ঞাপন বিষয়ক সবিশেষ তথ্যৰ লগতে আবেদন দাখিল প্রক্রিয়াৰ বাবে বিভাগীয় ৱেবছাইটhttps://www.cisf.gov.in লগ–ইন কৰিব পাৰে৷

You might also like