নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পিঠিত বন্দুক লগাই যেতিয়া ভাৰতীয় সেনাৰ জোৱানক আত্মসমৰ্পণ কৰিবলৈ কোৱা হৈছিল, আৰু তাৰপাছত…চাওক ভিডিঅ’

নিয়মীয়া বাৰ্তা, ২৯ নৱেম্বৰ: যদি কোনো সন্ত্ৰাসবাদী বা দুস্কৃতিকাৰীয়ে চাৰি-পাঁচজন সংগীৰ সৈতে কাৰোবাক বন্দুকৰ সৈতে ঘেৰি ধৰে, তেন্তে সাধাৰণ নাগৰিক এজনে কি কৰিব পাৰে। কিন্তু কোনোবাই যদি ভাৰতীয় সেনাৰ এজন জোৱানৰ লগত এনে ভুল কৰে তেন্তে তেওঁৰ হাড়-মূৰ ভাঙিবলৈ বেছি সময় নালাগিব। এনে এক ভিডিঅ’ পোহৰলৈ আহিছে।

সংবাদ সংস্থা ANIয়ে প্ৰকাশ কৰা এটা ভিডিঅ’ দেখি যিকোনো ব্যক্তিৰে গা উচপ খাই উঠিব। দৰাচলতে বৰ্তমান ভাৰতীয় সেনা আৰু আমেৰিকান সেনাই উত্তৰাখণ্ডৰ আউলিত যৌথ অনুশীলন চলাই আছে, যি অঞ্চল চীনৰ সীমান্তৰ ওচৰত।

অনুশীলনৰ ছবি আৰু ভিডিঅ’সমূহো সেনাই মুকলি কৰিছে। অনুশীলনৰ সময়ত, ভাৰতীয় সৈনিকজনে আমেৰিকান সেনাক দেখুৱায় যে যদি কোনোবাই তেওঁৰ পিঠিত বন্দুক লৈ আত্মসমৰ্পণ কৰিবলৈ কয় তেন্তে কেনেদৰে ৰক্ষা কৰিব লাগে।

ভাৰতীয় সেনা আৰু আমেৰিকাৰ সেনাৰ মাজত এই অনুশীলন গুৰুত্বপূৰ্ণ, কিয়নো তাৰ পৰা মাত্ৰ ১০০ কিলোমিটাৰ দূৰতে আছে চীনৰ সীমান্ত । ভাৰতীয় সেনা হৈছে সমগ্ৰ বিশ্বৰ একমাত্ৰ সেনা, যিয়ে পাহাৰীয়া অঞ্চলত আটাইতকৈ বেছি যুদ্ধ কৰিছে আৰু এই সেনাৰ এনে পাহাৰীয়া অঞ্চলবোৰত যুঁজ কৰাৰ অভিজ্ঞতা আছে।

You might also like