নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

Budget 2023: বাজেটৰ বাবে সাধাৰণ ৰাইজৰ পৰা পৰামৰ্শ বিচাৰি প্ৰধানমন্ত্ৰী মোদীৰ টুইট

নিয়মীয়া বাৰ্তা, ২৯ নৱেম্বৰ: সোমবাৰে সমাপ্ত হৈছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ বিভিন্ন অংশীদাৰৰ সৈতে হোৱা বাজেটৰ পূৰ্বৰ ৰাউণ্ড বৈঠক। উদ্যোগৰ পৰা কৃষি খণ্ডলৈকে বিশেষজ্ঞ আৰু অৰ্থনীতিবিদসকলে বাজেট সন্দৰ্ভত তেওঁলোকৰ দাবীৰ তালিকা বিত্তমন্ত্ৰীক অৰ্পণ কৰিছে। এতিয়া সাধাৰণ মানুহৰ পৰা পৰামৰ্শ বিচৰা হৈছে। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইট কৰি বাজেট সন্দৰ্ভত সাধাৰণ ৰাইজৰ পৰা পৰামৰ্শ বিচাৰিছে।

যদি আপুনিও মোদী চৰকাৰক বাজেট সন্দৰ্ভত কিবা পৰামৰ্শ দিব বিচাৰে তেন্তে www.mygov.in ৱেবছাইটত গৈ বাজেট সন্দৰ্ভত চৰকাৰক দাবীৰ তালিকা জমা দিব পাৰিব। ২০২২ চনৰ ২৪ নৱেম্বৰৰ পৰা ১০ ডিচেম্বৰলৈ সাধাৰণ ৰাইজৰ পৰা বাজেট সন্দৰ্ভত পৰামৰ্শ বিচৰা হৈছে।

উল্লেখ্য যে নিৰ্মলা সীতাৰমণে ২০২৩ চনৰ ১ ফেব্ৰুৱাৰীত মোদী চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ পঞ্চম আৰু অন্তিমখন সম্পূৰ্ণ বাজেট দাখিল কৰিব, গতিকে ২০১৪ চনৰ পিছত এই বাজেট হ’ব মোদী চৰকাৰৰ দশম পূৰ্ণ বাজেট। লগতে একেৰাহে পঞ্চমবাৰৰ বাবে বাজেট দাখিল কৰিব নিৰ্মলা সীতাৰমণে। ২০২৪ চনত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ পূৰ্বে এইখন শেষ সম্পূৰ্ণ বাজেট আৰু এই বাজেটৰ জৰিয়তে মোদী চৰকাৰে সকলো ৰাইজক সন্তুষ্ট কৰাৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব। ২০২২ চনৰ ২৮ নৱেম্বৰ সোমবাৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ বিভিন্ন অংশীদাৰৰ সৈতে বাজেটৰ পূৰ্বে আঠখন বৈঠকৰ ৰাউণ্ডৰ অন্ত পৰিল। এই সময়ছোৱাত বিত্তমন্ত্ৰীগৰাকীয়েও পৃথকে পৃথকে ৰাজ্যসমূহৰ বিত্তমন্ত্ৰীসকলৰ সৈতে বাজেটৰ পূৰ্বে বৈঠক অনুষ্ঠিত কৰিছে।

You might also like