নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিডকালতে দুগুণলৈ বাঢ়িল ১০জন ধনকুৱেৰৰ সম্পত্তি

যিসময়ত ক’ভিড মহামাৰীয়ে সাধাৰণ মানুহৰ জীৱন-জীৱিকাৰ প্ৰতি প্ৰত্যাহ্বান নমাই আনিছে, তেনে সময়তে কিন্তু বিশ্বৰ ধনকুৱেৰৰ সম্পত্তি দুগুণে বৃদ্ধি হৈছে। এক তথ্য মতে, বিশ্বৰ শীৰ্ষৰ ১০জন ধনকুৱেৰ সম্পত্তি যোৱা দুটা ক’ভিডকালতে দুগুণলৈ বাঢ়িল। বিশ্বব্যাপী দাৰিদ্র্যতা দূৰ কৰাত লাগি থকা দাতব্য সংস্থাৰ এটি কনফেডাৰেছন অক্সামে প্ৰকাশ কৰা তথ্য মতে, এই ১০জন ধনকুৱেৰৰ সম্পত্তি যোৱা দুটা বৰ্ষত ৭০০ বিলিয়ন ডলাৰৰ পৰা ১.৫ ত্ৰিলিয়ন ডলাৰ হৈছেগৈ। ফ’ৰ্বছ আলোচনীয়ে ২০২১ বৰ্ষত স্থান দিয়া ১০জন ধনকুৱেৰক লৈ অক্সামে এই তথ্য সদৰি কৰিছে।

You might also like