নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টিকাকৰণৰ বর্ষপূর্তি

দেশত ক’ভিড–১৯ আৰু ইয়াৰ নতুন ভেৰিয়েণ্ট অমিক্রনৰ দ্রুত সংক্রমণ অব্যাহত আছে৷ প্রতিদিনে অভাৱনীয় হাৰত বৃদ্ধি পাইছে সংহাৰী ভাইৰাছত আক্রান্ত লোকৰ সংখ্যা৷ দেওবাৰে কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে সদৰী কৰা অনুসৰি বিগত ২৪ ঘণ্টাৰ ভিতৰতে ২,৭১,২০২জন লোক ক’ভিড–১৯ পজিটিভ ৰূপে চিনাক্ত হৈছে৷ সেইদৰে ৭,৭৪৩জনলৈ বৃদ্ধি পাইছে দেশত অমিক্রন আক্রান্তৰ সংখ্যা৷ প্রথম আৰু দ্বিতীয় জোৱাৰৰ দৰে দেশত সম্প্রতি লকডাউন জাৰি কৰা হোৱা নাই যদিও সংক্রমণৰ সম্ভাব্যৰ ভয়াৱহতালৈ চাই বহুকেইখন ৰাজ্য চৰকাৰে সান্ধ্য আইন বা বিভিন্ন ধৰণৰ কঠোৰ বাধা–নিষেধ বলৱৎ কৰিছে৷ মুঠৰ ওপৰত ক’ভিড–১৯কেন্দ্রিক আতংক এতিয়াও দেশবাসীৰ মাজৰ পৰা দূৰ হোৱা নাই৷ ইয়াৰ মাজতে ভাৰতত ক’ভিড–১৯ৰ টিকাকৰণ প্রক্রিয়াই এবছৰ সম্পূর্ণ কৰিলে৷ মহামাৰীৰ সংক্রমণ প্রতিৰোধকল্পে আৰম্ভণিৰে পৰাই চৰকাৰ তথা সংশ্লিষ্ট কর্তৃপক্ষই টিকাকৰণৰ ওপৰত সর্বাধিক গুৰুত্ব আৰোপ কৰি আহিছে৷ আশ্বস্ত হ’ব পৰা কথাটো হ’ল যে এবছৰৰ ভিতৰত দেশত ১৫৬,৭৬,১৫,৪৫৪জন লোকক ক’ভিড–১৯ৰ প্রতিষেধক প্রদান কৰা হৈছে৷ বিগত বর্ষৰ ১৬ জানুৱাৰীত টিকাকৰণ আৰম্ভ হোৱাৰ পৰা চলিত বর্ষৰ ১৬ জানুৱাৰীলৈ এই এটা বছৰৰ ভিতৰত দেশৰ ৯৩ শতাংশ প্রাপ্তবয়স্ক লোকে অন্ততঃ এটা প্রতিষেধক পোৱাৰ বিপৰীতে ৬৯.৮ শতাংশ লোকক দুয়োটা পালি দিয়া হৈছে৷ অর্থাৎ ৬৯.৮ শতাংশ লোকৰ টিকাকৰণ সম্পূর্ণ হৈছে৷ অৱশ্যে সম্প্রতি সমগ্র দেশতে প্রাপ্তবয়স্কৰ ক্ষেত্রত প্রতিষেধকৰ তৃতীয় পালি (বুষ্টাৰ ড’জ) আৰু ১৮ৰ পৰা ১৫ বছৰ বয়সৰ লোকসকলৰ টিকাকৰণ প্রক্রিয়া চলি আছে৷ চৰকাৰে টিকাকৰণৰ সজাগতাৰ বাবে বিভিন্ন ধৰণে অভিযান অব্যাহত ৰাখিছে৷ জনসাধাৰণেও এইক্ষেত্রত নিজে সজাগ হোৱাৰ লগতে আনকো সজাগ কৰি তোলাৰ ব্যক্তিগত প্রচেষ্টা গ্রহণ কৰা উচিত৷ কিয়নো টিকাকৰণ অবিহনে ক’ভিড–১৯ৰ প্রতিৰোধ সম্পূর্ণৰূপে সম্ভৱ নহয় বুলি ইতিমধ্যে বিশেষজ্ঞসকলে বাৰম্বাৰ সদৰী কৰি আহিছে৷ লক্ষণীয়ভাৱে অসমকে ধৰি বিভিন্ন ৰাজ্যত একাংশই বিভিন্ন অজুহাত দেখুৱাই প্রতিষেধক গ্রহণৰ পৰা নিজকে আঁতৰাই ৰাখিছে৷ এইসকল লোকে বিগত প্রায় দুটা বছৰত মহামাৰীসৃষ্ট ভয়াৱহ পৰিস্থিতিৰ ছবিখন পাহৰি গ’লে নহ’ব৷ পুনৰ যাতে তেনে পৰিস্থিতিৰ উদ্ভৱ নহয়, তাৰ প্রতি লক্ষ্য ৰাখি প্রত্যেকেই ক’ভিড–১৯ৰ প্রতিষেধক লোৱাৰ বাবে স্বইচ্ছাই আগবাঢ়ি অহা উচিত৷
সমগ্র দেশৰ লগতে প্রতিদিনে অসমতো ক’ভিড–১৯ আক্রান্তৰ গ্রাফডাল ঊর্ধ্বমুখী হৈ গৈ আছে৷ যোৱা ১৪ জানুৱাৰীত ৰাজ্যত ২,৩৪৮জন লোক পজিটিভ ৰূপে চিনাক্ত হোৱাৰ বিপৰীতে ১৫ জানুৱাৰীৰ দিনা আক্রান্তৰ সংখ্যা হৈছেগৈ ৩,৩৯০জন৷ চলিত মাহৰ শেষত প্রতিদিনে ক’ভিড–১৯ আক্রান্তৰ সংখ্যা ১২ সহস্রাধিক হ’ব বুলি ইতিমধ্যে আশংকা ব্যক্ত কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ অনুৰূপ ধৰণে প্রতিদিনে বর্ধিত ক’ভিড–১৯ আক্রান্তৰ সংখ্যালৈ চাই বিশেষজ্ঞসকলে দেশত দৈনিক ৩ লাখ মানুহ আক্রান্ত হোৱাৰো সম্ভাৱনীয়তা প্রকাশ কৰিছে৷ বিশেষজ্ঞসকলৰ এনে সম্ভাৱনা বাস্তৱ হ’বলৈ হয়তো আৰু মাত্র কেইটামান দিনৰহে অপেক্ষা৷ কাৰণ এদিনতে দেশত সংক্রমিতৰ সংখ্যাই ইতিমধ্যে ২.৭১ লাখৰ ঘৰ অতিক্রম কৰিছে৷ ইয়াৰ মাজতে নতুন দিল্লী ডিপার্টমেণ্ট অন ক্লিনিকেল ভাইৰ’লজী আৰু ইনষ্টিটিউট অৱ লিভাৰ এণ্ড বাইলিয়াৰি ছায়েন্সৰ এক সমীক্ষাত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য৷ সমীক্ষাটোত দাবী কৰা অনুসৰি ভাৰতত ইতিমধ্যে ক’ভিড–১৯ৰ তৃতীয় জোৱাৰে সামাজিক সংক্রমণৰ পর্যায় পাইছেগৈ৷ ২৬৪টা সংগৃহীত ক’ভিড–১৯ পজিটিভ নমুনাৰ ভিতৰত ৮৭.৮ শতাংশই প্রতিষেধক লোৱা৷ ইয়াৰ মাজত আকৌ ৬০.৯ শতাংশৰ বিদেশ ভ্রমণৰ কোনো ইতিবৃত্ত নাই৷ এইফালৰ পৰাই সমীক্ষাটোত ক’ভিড–১৯ৰ তৃতীয় জোৱাৰে সামাজিক সংক্রমণৰ ৰূপ ধাৰণ কৰা বুলি কোৱা হৈছে৷ পিছে প্রতিষেধক সম্পূর্ণ কৰা কোনো লোক পুনৰ পজিটিভ ৰূপে চিনাক্ত হ’লেও তেওঁলোক যথেষ্ট পৰিমাণে সুৰক্ষিত বুলি বিশেষজ্ঞসকলে সদৰী কৰি আহিছে৷ বিশেষজ্ঞসকলৰ এই মতৰ প্রতি প্রত্যেকেই গুৰুত্ব দিয়া উচিত৷ তেতিয়াহে শীঘ্রে প্রতিষেধক প্রদান প্রক্রিয়া সম্পূর্ণ কৰি ভাৰতে ক’ভিড–১৯ সুৰক্ষিত ৰাষ্ট্র হিচাপে বিশ্বত নজিৰ গঢ়িবলৈ সক্ষম হ’ব৷

You might also like