নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পশ্চিমবংগৰ তৃতীয় পর্যায়ৰ নির্বাচনত ব্যাপক হিংসাঃ বিজেপিৰ মহিলা সমর্থকক হত্যা

নিয়মীয়া বাৰ্তা, ৭ এপ্ৰিলঃ প্রথম দুটা পর্যায়ৰ দৰেই পশ্চিমবংগ বিধানসভা নির্বাচনৰ তৃতীয় পর্যায়ৰ ভোটগ্রহণৰ দিনাও কেইবাটাও নির্বাচনী হিংসাৰ ঘটনা সংঘটিত হয়৷ কেন্দ্রত শাসকীয় বিজেপি আৰু ৰাজ্যখনত শাসকীয় তৃণমূল কংগ্রেছ কর্মী–সমর্থকৰ মাজত প্রথম দুটা পর্যায়ৰ দৰে আজি তৃতীয় পর্যায়তো কেইবাটাও সমষ্টিত সংঘর্ষ হয়৷

ইপিনে, তৃণমূল কংগ্রেছৰ নেতাৰ বাসগৃহত চাৰিটা ই ভি এম আৰু একেসংখ্যক ভি ভি পেট উদ্ধাৰক লৈ উত্তেজনাময় পৰিৱেশ সৃষ্টি হৈছে৷ উলুবেৰীয়াৰ তুলসীবেৰীয়া অঞ্চলৰ গৌতম ঘোষ নামৰ তৃণমূল কংগ্রেছৰ নেতাগৰাকীৰ বাসগৃহত চাৰিটা সংৰক্ষিত ই ভি এম আৰু ভি ভি পেট উদ্ধাৰৰ পাছতেই নির্বাচন আয়োগে উক্ত অঞ্চলৰ দায়িত্বত থকা তপন সৰকাৰ নামৰ ছেক্টৰ বিষয়াক নিলম্বন কৰিছে৷ লক্ষণীয় যে এই ই ভি এমকেইটা সংৰক্ষিত হিচাপে নেতাগৰাকীৰ বাসগৃহত ৰাখিছিল ছেক্টৰ বিষয়াগৰাকীয়ে৷ নিয়ম ভংগ কৰি এনে কার্য সংঘটিত কৰাৰ বাবে ছেক্টৰ বিষয়াগৰাকীক তাৎক্ষণিকভাৱে নিলম্বন কৰিছে৷

ইপিনে, আজি তৃতীয় পর্যায়ৰ ভোটগ্রহণ চলি থকাৰ সময়তে আৰমবাগ বিধানসভা সমষ্টিৰ টি এম চি প্রার্থী সুজাতা মণ্ডলক বিজেপি কর্মীয়ে ইটা দলিওৱাৰ লগতে লাঠীৰে আক্রমণ কৰিবলৈ উদ্যত হয়৷ আৰমবাগত এই লৈ তৃণমূল কংগ্রেছ কর্মী আৰু বিজেপি কর্মীৰ মাজত সংঘর্ষ হয়৷ এই সন্দর্ভত টি এম চিয়ে নির্বাচন আয়োগত অভিযোগ দাখিল কৰিছে৷ টি এম চিৰ মতে বিজেপিৰ একাংশ সমর্থকে প্রার্থী সুজাতা মণ্ডলক ইটা দলিয়াই আক্রমণ কৰাৰ লগতে লাঠীৰে প্রহাৰ কৰিবলৈ খেদি আহে৷ অৱশ্যে নিৰাপত্তা বাহিনীয়ে ভয়াৱহ আক্রমণৰ পৰা ৰক্ষা কৰে টি এম চি প্রার্থীগৰাকীক৷ আনপিনে, তৃণমূল কংগ্রেছৰ আন এগৰাকী নেতা পলাশ ৰয়ৰ বাহনতো বিজেপিৰ সমর্থকে আক্রমণ চলাইছে বুলি টি এম চিয়ে অভিযোগ উত্থাপন কৰিছে৷

নির্বাচনী হিংসাক লৈ উত্তপ্ত হৈ থকা ৰাজ্যখনৰ তৃতীয় পর্যায়ৰ ভোটগ্রহণৰ কেইঘণ্টামান পূর্বে তৃণমূল কংগ্রেছৰ কর্মীয়ে বিজেপিৰ মহিলা সমর্থক এগৰাকীক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে৷ বদনগঞ্জ অঞ্চলৰ গোহাট গাঁৱত নিশা এগৰাকী বিজেপি মহিলা সমর্থকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য সৃষ্টি হয়৷

বিজেপিয়ে অভিযোগ কৰা মতে, মাধৱী আধক (৪৩) নামৰ বিজেপি সমর্থকগৰাকীক তৃণমূল কংগ্রেছ কর্মীয়ে হত্যা কৰিছে৷ ইতিমধ্যে এই সন্দর্ভত স্থানীয় আৰক্ষী থানাত গোচৰ ৰুজু কৰা হৈছে৷ উত্তেজনা অব্যাহত থকা গোহাট অঞ্চলত অতিৰিক্ত নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে৷

You might also like