নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছেনিটেৰী পেডতে ড্ৰাগছ লুকুৱাই ৰাখি গ্ৰেপ্তাৰ হোৱা কোন এই মুনমুন…

নিয়মীয়া বাৰ্তা ৬ অক্টোবৰঃ  সমগ্ৰ দেশজুৰি চৰ্চাত বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান। পিছে আৰিয়ান খানৰ লগতে দেশজুৰি অন্য এটা নামো আহিছে চৰ্চালৈ। সেয়া হৈছে আৰিয়ানৰ বান্ধৱী মুনমুন ধেমচা।

প্ৰমোদতৰীত চলা ড্ৰাগছৰ পাৰ্টীতে আৰিয়ানৰ সৈতে গ্ৰেপ্তাৰ হৈছে মুনমুন। এই মুনমুনৰ ছেনিটেৰী পেডতে লুকুৱাই ৰখা হৈছিল ড্ৰাগছ। শ্বাহৰুখ তনয়ৰ সৈতে মুনমুনৰ গাঢ় বন্ধুত্বকলৈও এতিয়া সকলোতে অব্যাহত আছে চৰ্চা। কিন্তু কোন এই মুনমুন ?

পেছাগত ভাৱে মুনমুন এগৰাকী মডেল। পেছাগত কাৰণতে বলীউডৰ তাৰকাসকলৰ সৈতে উঠাবহা মুনমুনৰ । মুনমনে কেইবাটাও শ্ব’ত অংশ গ্ৰহণ কৰিছে। লগতে বহুতো বলিউদৰ বিভিন্ন পাৰ্টীত অংশ গ্ৰহণ কৰে মুনমুনে।

ছ’চিয়েল নেটৱৰ্কিং ছাইট ইনষ্টাগ্ৰামতো অত্যন্ত জনপ্ৰিয় মুনমুন। ইনষ্টাগ্ৰামত মুনমুনৰ অনুসৰণকাৰীৰ সংখ্যা ১০ সহস্ৰাধিক।

মুনমুনৰ ফটো ইণ্টাৰনেটত বহুত ভাইৰেল হয়। মুনমুন নিজৰ সৌন্দৰ্য আৰু ষ্টাইলৰ কাৰণে বহু সময়ত চৰ্চাত থাকে।

২০১৪ চনৰ পৰাই ইনষ্টাগ্ৰাম ব্যৱহাৰ কৰি আছে এইগৰাকী মডেলে। বৰ্তমানলৈকে তেওঁৰ পোষ্টৰ সংখ্যা ১৩৪। অৱশ্যে সেই পোষ্টসমূহৰ কোনো এটা পোষ্টতেই শ্বাহৰুখ পুত্ৰ আৰিয়ানৰ সৈতে দেখা পোৱা নাই মুনমুনক।

You might also like