নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩৮ পত্নী–৮৯ সন্তান–৩৬ নাতি বিশ্বৰ বৃহত্তম পৰিয়ালৰ মুৰব্বীৰ মৃত্যুত শোক

জিওনা চানাৰ দেহাৱসানত মর্মাহত মিজোৰামৰ মুখ্যমন্ত্রী জোৰামথাংগা

নিয়মীয়া বাৰ্তা ১৫ জুনঃ বিশ্বৰ ভিতৰতে বৃহত্তম পৰিয়ালৰ মুৰব্বী হিচাপে চিহ্ণিত ভাৰতৰ মিজোৰামৰ জিওনা চানাৰ দেহাৱসান ঘটিছে৷ বহু বিবাহক নিজৰ আদর্শ হিচাপে মানি লোৱা ধর্মীয় নেতাগৰাকীৰ কালি ৭৬ বছৰ বয়সত দেহাৱসান ঘটা বুলি সংবাদ মাধ্যমে সদৰী কৰিছে৷ জিওনা চানাই এৰি থৈ গৈছে ৩৮ পত্নী, ৮৯ সন্তান আৰু ৩৬ নাতি–নাতিনীক৷ মিজোৰামৰ মুখ্যমন্ত্রী জোৰামথাংগাই চানাৰ বিয়োগত গভীৰ শোক প্রকাশ কৰিছে৷ উচ্চ ৰক্তচাপ আৰু মধুমেহ ৰোগত ভুগি আছিল চানা৷ চিকিৎসকে সংবাদ সংস্থা পি টি আইক জনোৱা অনুসৰি নিজৰ জন্মগাঁও বাকটাৱাং লাংনুৱামৰ বাসগৃহতে চানাৰ চিকিৎসা চলাই থকা হৈছিল যদিও লাহে লাহে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটি আহিছিল৷

You might also like