নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইৰাকৰ গণকবৰত ওলাল ১২৩টা মৃতদেহ

নিয়মীয়া বাৰ্তা ১৫ জুনঃ ইৰাকৰ মছুল চহৰৰ সমীপৰ এক গণকবৰৰ পৰা ১২৩গৰাকী লোকৰ মৃতদেহৰ অৱশিষ্ট খনন কৰি উলিওৱা হৈছে৷ মছুল চহৰ কুখ্যাত জেহাদী সংগঠন ইছলামিক ষ্টেটৰ নিয়ন্ত্রণত থকা সময়ত এই লোকসকলক নৃশংসভাৱে হত্যা কৰা হৈছিল৷ মৃতদেহবোৰ চিনাক্ত কৰিবলৈ বহু লোকৰ ডি এন এ নমুনা সংগ্রহ কৰা হৈছে৷ এই ডি এন এ নমুনাৰ তুলনা কৰি মৃতদেহৰ অৱশিষ্ট পৰিয়ালক গতাই দিয়া হ’ব৷

উল্লেখনীয় যে মছুলৰ বাদুছ কাৰাগাৰত ২০১৪ চনত ইছলামিক ষ্টেটে ৬ শতাধিক বন্দীক হত্যা কৰিছিল৷ এই বন্দীবোৰৰ গৰিষ্ঠসংখ্যকেই আছিল ছিয়া মুছলমান সম্প্রদায়ৰ লোক৷ কাৰাগাৰখনত আক্রমণ কৰাৰ সময়ত বন্দীসকলক এটা নদীৰ পাৰত থিয় কৰাই গুলীয়াই হত্যা কৰা হৈছিল৷ চুন্নী সম্প্রদায়ৰ বন্দীসকলক চিনাক্ত কৰি মুকলি কৰিছিল ইছলামিক ষ্টেটে৷ পূব ইৰাক আৰু পশ্চিম ছিৰিয়াৰ মুঠ ৮৮ হাজাৰ বর্গকিলোমিটাৰ অঞ্চল ইছলামিক ষ্টেটে নিয়ন্ত্রণ কৰিছিল৷ কুখ্যাত জেহাদী সংগঠনটোৰ পাশৱিক শাসন চলিছিল ৮০ লাখ লোকৰ ওপৰত৷

You might also like