নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্যমন্ত্রী হোৱাৰ পাছত প্ৰথম মাকক সাক্ষাৎ আদিত্যনাথৰ, কিমান বছৰৰ মূৰত গৈছে ঘৰলৈ…

বিশেষ বাৰ্তা, ৪ মেঃ ২০১৭ চনত বিপুল সংখ্যাগৰিষ্ঠতা লাভ কৰি প্রচুৰ মানুহৰ শুভেচ্ছা-অভিনন্দন গ্ৰহণ কৰি উত্তৰ প্রদেশৰ মুখ্যমন্ত্রীৰ আসনত বহিছিল যোগী আদিত্যনাথ। ২০২২-ত দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্রী নির্বাচিত হৈছে তেওঁ। কিন্তু এই দীর্ঘ সময়ত নিজৰ মাকৰ সৈতে দেখা কৰা হোৱাই নাছিল আদিত্যনাথৰ। অৱশেষত সেই সময় মিলিল। মাকৰ সৈতে দেখা কৰি আশীর্বাদ ল’লে যোগীয়ে। পাৰিবাৰিক এটি অনুষ্ঠানৰ বাবে উত্তৰাখণ্ডৰ পৌৰিলৈ গৈছিল যোগী আদিত্যনাথ। তাতেই তেওঁৰ ঘৰ। তালৈ গৈ পাঁচ বছৰৰ মূৰত মাকৰ সৈতে দেখা হৈছে উত্তৰপ্রদেশৰ মুখ্যমন্ত্রীৰ। মুখ্যমন্ত্রী হিচাপে শপত লোৱাৰ পাছত মাকৰ সৈতে এই প্ৰথম সাক্ষাত। মুখ্যমন্ত্ৰীজনে নিজেই সেই ফটো টুইট কৰিছে। জানিব পৰা মতে, যোগী আদিত্যনাথে বিগত ২৮ বছৰত এই প্রথমবাৰৰ বাবে পাৰিবাৰিক কোনো কামত যোগ দিবলৈ উত্তৰাখণ্ডলৈ গৈছে। ইয়াৰ আগেয়ে যিমানবাৰ গৈছে কেৱল ৰাজনৈতিক তথা চৰকাৰী কামৰ বাবেহে।

You might also like