নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আনন্দৰ মুহূৰ্ত! ডেনমার্কত ঢোল বজালে প্ৰধানমন্ত্ৰীয়ে

বিশেষ বাৰ্তা, ৪ মেঃ ইউৰোপ ভ্ৰমণলৈ যোৱা দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীক বিভিন্ন ৰূপত দেখা গৈছে। ডেনমার্কত প্ৰধানমন্ত্ৰীক দেখা গ’ল ঢোল বজোৱা। এএনআইৰ এটি ভিডিঅ’ত দেখা গৈছে ডেনমার্কৰ কোনো এক অনুষ্ঠানত ছাইৰঙী পোছাক পিন্ধি মোদীয়ে ডাঙৰ ঢোল এটা বজাইছে। তেওঁক আগুৰি আৰু বহু লোক আছে, যিসকলে পিন্ধি আছে ভাৰতীয় পোশাক। ঢোলৰ তালে তালে নাচিছে তেওঁলোকে। প্রবাসী ভাৰতীয়সকলে প্রধানমন্ত্রীক উষ্ণ আদৰণি জনায় মোদীক। ভৰা সভাত শুনা যায় ‘মোদী, মোদী’,‘ মোদী হ্যে তো মুমকিন হ্য়ে’ শ্লোগান। ডেনমার্কৰ প্রধানমন্ত্রীও উপস্থিত আছিল সেই অনুষ্ঠানত।

You might also like