নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৮০ কোটিৰ ৰূপৰ পিছত মহাৰাষ্ট্রত বাজেয়াপ্ত ১৪ কোটিৰ সোণ-অলংকাৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৮ নৱেম্বৰঃ আগন্তুক ২০ নৱেম্বৰত মহাৰাষ্ট্রত বিধানসভা নির্বাচন৷ নির্বাচনত যাতে ক’লা ধন ব্যৱহাৰ হ’ব নোৱাৰে, তাৰ বাবে কঠোৰ নজৰদাৰীৰ ব্যৱস্থা কৰিছে নির্বাচন আয়োগে৷ বিভিন্ন স্থানত তালাচী চলাই আছে আৰক্ষীয়ে৷ সেই নজৰদাৰী চলোৱাৰ সময়ত বিপুল পৰিমাণৰ নগদ ধন, সোণ আৰু ৰূপ বাজেয়াপ্ত হৈছে৷ আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি শুকুৰবাৰে মুম্বাইৰ পৰা ৮০ কোটি টকাৰ ৰূপ বাজেয়াপ্ত কৰা হয়৷ এই ঘটনাক লৈ চাঞ্চল্য চলি থকাৰ মাজতে নাগপুৰৰ পৰা ১৪ কোটি টকা মূল্যৰ সোণৰ বিস্কুট আৰু অলংকাৰ বাজেয়াপ্ত কৰিছে আৰক্ষীয়ে৷ তদন্তকাৰী এগৰাকী বিষয়াই সংবাদ মাধ্যমক জনোৱা অনুসৰি বাজেয়াপ্ত হোৱা সোণ গুজৰাটৰ এটা সংস্থাৰ৷ পথত তালাচী চলোৱাৰ সময়ত গাড়ীৰ পৰা এই বিপুল পৰিমাণৰ সোণ বাজেয়াপ্ত কৰা হৈছে৷ উল্লেখ্য যে গুজৰাটৰ পৰা বৃহস্পতিবাৰে নাগপুৰলৈ গাড়ীৰে অনা হৈছিল এই সোণ৷ এই সোণ লৈ যোৱা হৈছিল অমৰাৱতীলৈ৷ দুদিন পূর্বে মুম্বাইত ৮,৪৭৬ কেজি ৰূপ বাজেয়াপ্ত হৈছিল৷ যাৰ আনুমানিক বজাৰ দৰ ৮০ কোটি টকা৷ এখন ট্রাকৰ পৰা এই ৰূপ জব্দ কৰা হৈছিল৷ গ্রেপ্তাৰ কৰা হয় ট্রাকখনৰ চালকক৷ আগন্তুক ২০ নৱেম্বৰত একেটা পর্যায়ত ২৮৮ আসনবিশিষ্ট মহাৰাষ্ট্রত অনুষ্ঠিত হ’ব বিধানসভা নির্বাচন৷ ভোটগণনা ২৩ নৱেম্বৰত৷

You might also like