কেৰালাৰ তিৰুৱনন্তপুৰমৰ পৰা হজৰত নিজামুদ্দিন অভিমুখে যাত্ৰা কৰা ৰাজধানী এক্সপ্ৰেছ (12431)ৰ এটা দবাত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে। দেওবাৰে (১৭ মে’ ২০২৬) পুৱা প্ৰায় ৫:১৫ বজাত মধ্যপ্ৰদেশৰ কোটা ৰেল মণ্ডলৰ লূণীৰিছা আৰু বিক্ৰমগড় আলোট ষ্টেচনৰ মাজত এই ঘটনা সংঘটিত হয়।
প্ৰাপ্ত তথ্য অনুসৰি, ট্ৰেইনখনৰ B-1 দবাত হঠাতে জুই লাগে। সেই সময়ত দবাটোত মুঠ ৬৮জন যাত্ৰী আছিল। অৱশ্যে তৎপৰতাৰে সকলো যাত্ৰীক নিৰাপদে ট্ৰেইনৰ পৰা উলিয়াই অনা হয় আৰু কোনো যাত্ৰী আহত হোৱা নাই বুলি জানিব পৰা গৈছে।
জুই লগাৰ খবৰ পোৱাৰ লগে লগে গাৰ্ডে লোকো পাইলটক অৱগত কৰে। তাৰ পিছতে ট্ৰেইনখন ৰখাই দ্ৰুতগতিত উদ্ধাৰ অভিযান আৰম্ভ কৰা হয়। প্ৰায় ১৫ মিনিটৰ ভিতৰতে সম্পূৰ্ণ দবাটো খালী কৰোৱা হয়।
অগ্নিকাণ্ড ইমানেই ভয়ংকৰ আছিল যে অতি কম সময়ৰ ভিতৰতে সমগ্ৰ দবাটো প্ৰায় সম্পূৰ্ণৰূপে জ্বলি ছাই হৈ যায়। আগ্নিনিৰ্বাপক আৰু উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হৈ জুই নিয়ন্ত্ৰণৰ চেষ্টা চলায়। ওচৰৰ ষ্টেচনসমূহৰ কৰ্মচাৰীকো সহায়ৰ বাবে মাতি অনা হয়।
ৰেলৱে বিষয়াসকলৰ মতে, ট্ৰেইনখন পুৱা প্ৰায় ৩:৪৫ বজাত মধ্যপ্ৰদেশৰ ৰতলাম জংচনৰ পৰা ৰাওনা হৈছিল। ইয়াৰ পৰৱৰ্তী ষ্টপ আছিল কোটা জংচন। কিন্তু তাৰ পূৰ্বেই বিক্ৰমগড় আলোটৰ ওচৰত এই অগ্নিকাণ্ড সংঘটিত হয়।
ঘটনাৰ পিছত দিল্লী-মুম্বাই ৰেলপথত সাময়িকভাৱে ট্ৰেইন চলাচল বন্ধ কৰি দিয়া হয়। ট্ৰেইনৰ বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰাৰ লগতে ক্ষতিগ্ৰস্ত দবাটো পৃথক কৰা হৈছে।
অগ্নিকাণ্ডৰ সঠিক কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। ৰেলৱে কৰ্তৃপক্ষই ঘটনাটোৰ তদন্তৰ নিৰ্দেশ দিছে আৰু সমগ্ৰ বিষয়টো গভীৰভাৱে অনুসন্ধান চলাই আছে।
ডিজিটেল ডেস্ক, ১৭ মে’