নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নেদাৰলেণ্ডছত প্রবাসী ভাৰতীয়ক সম্বোধন মোদীৰ

দুদিনীয়া ভ্রমণসূচীৰে নেদাৰলেণ্ডছত উপস্থিত হৈছে প্রধানমন্ত্রী নৰেন্দ্র মোদী৷ দ্য হেগ চহৰত আয়োজিত এটা অনুষ্ঠানত তেওঁ নেদাৰলেণ্ডছত থকা প্রবাসী ভাৰতীয়সকলৰ সন্মুখত ভাষণ প্রদান কৰে৷ ভাষণ প্রসংগত তেওঁ ভাৰতৰ ষ্টার্টআপ ইক’ ছিষ্টেম, ডিজিটেল অগ্রগতি আৰু বিশ্বদৰবাৰত ভাৰতৰ ক্রমবর্ধমান সাফল্যৰ কথা দাঙি ধৰে৷

প্রধানমন্ত্রীৰ ভাষণত দেশৰ পাঁচখন ৰাজ্যৰ সদ্যসমাপ্ত বিধানসভা নির্বাচনৰ প্রসংগয়ো ঠাই পায়৷ তেওঁ কয়, ‘পশ্চিমবংগ, অসম, কেৰালাম, পুডুচেৰীত ব্যাপক হাৰত ভোটদান কৰিছে নাগৰিকে৷ ভোটদানৰ হাৰ ৯০ শতাংশ পাৰ হৈ গৈছে৷ মহিলাসকলেও এই নির্বাচনত ব্যাপক হাৰত ভোটদান কৰিছে৷ এয়াই এতিয়া ভাৰতৰ ট্রেণ্ড৷’

অনুষ্ঠানত প্রধানমন্ত্রী মোদীক নেদাৰলেণ্ডত থকা প্রবাসী অসমীয়াসকলে বিহু নৃত্যৰে আদৰণি জনায়৷ ভাষণত প্রধানমন্ত্রীৰ ডিঙিত অসমৰ বড়ো জনগোষ্ঠীৰ আৰনায়ে শোভাবর্ধন কৰে৷

ভাষণ প্রসংগত প্রধানমন্ত্রীয়ে দেশৰ বহনক্ষম শক্তি, প্রগতি, অর্থব্যৱস্থাৰ সংস্কাৰ, ছেমিকণ্ডাক্টৰ আদি প্রসংগও উল্লেখ কৰে৷ পশ্চিমবংগৰ বিধানসভা নির্বাচনৰ প্রচাৰ অভিযানত প্রধানমন্ত্রী মোদীয়ে ঝালমুড়ি খোৱাৰ প্রসংগটোৱেও ঠাই পাই তেওঁৰ ভাষণত৷

তেওঁ কয়, ‘ঝালমুড়ি আহি এইখিনিও পাইছে নেকি?’ প্রধানমন্ত্রীৰ নির্বাচনৰ প্রসংগই প্রবাসী ভাৰতীয়ক উল্লসিত কৰি তোলা দেখা যায়৷

উল্লেখ্য যে ৬দিনীয়া ভ্রমণসূচীৰে প্রধানমন্ত্রী মোদীয়ে প্রথমে সংযুক্ত আৰব আমীৰশ্বাহীত উপস্থিত হয়৷ তাৰ পিছতে তেওঁ উপস্থিত হয় নেদাৰলেণ্ডছত৷ তাত স্থানীয় প্রশাসনৰ লগতে প্রবাসী ভাৰতীয়সকলে তেওঁক বিপুলভাৱে আদৰণি জনায়৷ ইয়াৰ পিছত তেওঁ নৰৱে’, ছুইডেন, ইটালীলৈও যাব৷

ডিজিটেল ডেস্ক, ১৭ মে’

You might also like