নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিহাৰত BJP-ৰ ছুনামি, আশাপ্ৰদ অগ্ৰগতি JDU-ৰ, হতাশ মহাগোটবন্ধন 

বিহাৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে উল্লেখযোগ্য অগ্ৰগতি দেখুৱাই ৯০খন আসনত আগবাঢ়ি গৈছে। লগতে মুখ্যমন্ত্ৰী নীতিশ কুমাৰ নেতৃত্বাধীন জেডিইউয়ে খুবেই ভাল ফলাফলসহ বহু আসনত অগ্ৰগতি লাভ কৰি আছে।

ইপিনে মহাগোটবন্ধনে ভোটগণনাৰ আৰম্ভণিৰ পৰাই হতাশজনক ফলাফল দেখুৱাইছে। আৰজেডি, কংগ্ৰেছ আৰু বামদলসমূহ মিলি গঠিত মহাগোটবন্ধনে মুঠেই আশা কৰাৰ দৰে অগ্ৰগতি লাভ কৰিব পৰা নাই।

ইফালে কংগ্ৰেছৰ সৈতে মহাগোটবন্ধন কৰি বিহাৰত ডুবো ডুবো তেজস্বী যাদৱৰ আৰজেডি।

মুঠতে, আৰম্ভণিৰ ফলাফল অনুযায়ী এনডিএ দ্ৰুতগতিৰে বহুমতৰ লক্ষ্যৰ ফালে আগবাঢ়ি যোৱা দেখা গৈছে।

নিৰ্বাচন আয়োগে ১ বজালৈকে দিয়া তথ্যৰ ভিত্তিত বিহাৰ বিধানসভা নিৰ্বাচনৰ অগ্ৰগতিৰ তথ্য এনেধৰণৰ-

  • বিজেপি (BJP) – ৯০খন আসনত অগ্ৰগতি
  • জেডিইউ (JDU) – ৮০খন আসনত অগ্ৰগতি
  • আৰজেডি (RJD) – ২৯খন আসনত অগ্ৰগতি
  • এলজেপি (ৰামবিলাস) [LJP (R)] – ২০খন আসনত অগ্ৰগতি
  • কংগ্ৰেছ – ৫খন আসনত অগ্ৰগতি
  • AIMIM – ৫খন আসনত অগ্ৰগতি
  • HAM – ৪খন আসনত অগ্ৰগতি
  • CPIML – ৪খন আসনত অগ্ৰগতি
  • RLM – ৪খন আসনত অগ্ৰগতি
  • CPIM – ১খন আসনত অগ্ৰগতি
  • BSP – ১খন আসনত অগ্ৰগতি

ডিজিটেল ডেস্ক, ১৪ নৱেম্বৰ

You might also like