নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাহুল গান্ধী BJP-ৰ আটাইতকৈ ডাঙৰ Star Campaigner

ৰাহুল গান্ধী BJP-ৰ আটাইতকৈ ডাঙৰ Star Campaigner : মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

চলি আছে বিহাৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা। ভোটগণনাত বৰ্তমান বহু আসনত এনডিএ আগবাঢ়ি আছে। এই ফলাফলৰ ভোটগণনা চলি থকাৰ মাজতেই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কৰা এক বৃহৎ মন্তব্যই দৃষ্টি আকর্ষণ কৰিছে ৰাজনৈতিক মহলত।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই কটাক্ষৰে মন্তব্য কৰি কয়— “ৰাহুল গান্ধী হৈছে BJP-ৰ আটাইতকৈ ডাঙৰ Star Campaigner।”

তেওঁ কয়, বিহাৰত হোৱা এই নিৰ্বাচনৰ ফলাফলেই ভাৰতীয় ৰাজনীতিত ৰাহুল গান্ধীৰ প্ৰভাৱ কেনেদৰে BJP-ৰ লাভৰ ক্ষেত্ৰক অধিক বেগৱান কৰিছে সেইটো দেখুৱাইছে।

ইয়াৰ পিছতেই মুখ্যমন্ত্ৰীয়ে অসমৰ ৰাজনৈতিক পৰিপ্ৰেক্ষিতৰ ক্ষেত্ৰতো মন্তব্য কৰি কয় যে “বিহাৰৰ ফলাফলৰ পৰাই স্পষ্ট— ভাৰতজুৰি বিজেপিৰ শক্তি আৰু গ্রহণযোগ্যতা দিনে দিনে বৃদ্ধি পাইছে। ইয়াৰ প্ৰভাৱ অসমতো যথেষ্ট পৰিমাণে পৰিব।”

মুখ্যমন্ত্ৰীৰ এই মন্তব্যই গুৰুত্ব অৰ্জন কৰিছে, যিহেতু বিহাৰ নিৰ্বাচনৰ তথ্যই NDA-ৰ জয়ৰ সূচক দেখুৱাইছে আৰু আগন্তুক দিনত উত্তৰ-পূবৰ ৰাজনীতিতো এনেধৰণৰ পৰিৱর্তনৰ সম্ভাৱনা বৃদ্ধি পাইছে।

ডিজিটেল ডেস্ক, ১৪ নৱেম্বৰ

You might also like