দিল্লী বিস্ফোৰণ : সন্দেহৰ তীব্রতা বৃদ্ধি, আটক ৪, সোধাপোছা ১৩জনক
বৰ্তমানে মানসিক অসুস্থতাত ভুগি আছে। পৰিয়ালটোত দুজন ভাতৃ আৰু এজনী জ্যেষ্ঠ ভগ্নী আছে; এজন বিবাহিত, আনজন অবিবাহিত।
প্ৰতিমুহূৰ্ততে নতুন তথ্য আহিছে দিল্লী বিস্ফোৰণক লৈ। পৰিস্থিতি সলনি হৈ আছে ঘনে-ঘনে। বিস্ফোৰণ সন্দৰ্ভত চাৰিজন সন্দেহজনক লোকক আৰক্ষীয়ে আটক কৰিছে। দৰিয়াগঞ্জ আৰু পাহাৰগঞ্জৰ কেইবাখনো হোটেলত অভিযান চলাই আটক কৰা হয় এই চাৰিজনক।
শেহতীয়া সূত্ৰমতে, আৰক্ষীয়ে এতিয়ালৈকে ১৩জন সন্দেহজনক লোকক সোধা-পোছা কৰিছে। প্ৰায় ২০০জন আৰক্ষী জোৱানে CCTV ফুটেজ পৰ্যালোচনা কৰি তদন্ত আগবঢ়াই লৈ গৈ আছে। বিস্ফোৰণত ব্যৱহৃত বাহনখনৰ চালকৰ চিনাক্তকৰণৰ প্ৰচেষ্টা অব্যাহত আছে।
নতুন তথ্য অনুসাৰে, i20 বাহনখনৰ চালকজন ড° ওমৰ মহম্মদ হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে তদন্তকাৰীসকলে। ড° ওমৰ মহম্মদৰ ঘৰ কাশ্মীৰত, আৰু তেওঁ ফৰিদাবাদৰ ফালহা মেডিকেল কলেজৰ চিকিৎসক বুলি চিনাক্ত কৰা হৈছে।
সূত্ৰৰ মতে, ড° ওমৰৰ পৰিয়ালৰ DNA নমুনা সংগ্ৰহ কৰা হৈছে, লগতে তেওঁৰ মাতৃ আৰু ভাতৃক আটক কৰিছে আৰক্ষীয়ে। ওমৰৰ পিতৃ এজন চৰকাৰী শিক্ষক, যি বৰ্তমানে মানসিক অসুস্থতাত ভুগি আছে। পৰিয়ালটোত দুজন ভাতৃ আৰু এজনী জ্যেষ্ঠ ভগ্নী আছে; এজন বিবাহিত, আনজন অবিবাহিত।
উল্লেখযোগ্যভাৱে সোমবাৰে সন্ধিয়া লালকিল্লাৰ ওচৰত সংঘটিত ভয়ংকৰ বিস্ফোৰণত ৯জন লোক নিহত আৰু ২০জন আহত হয়। বিস্ফোৰণ সংঘটিত হয় লালকিল্লা মেট্ৰ’ ষ্টেচনৰ ১ নম্বৰ গেটৰ ওচৰত, য’ত এখন i20 গাড়ী বিস্ফোৰণত সম্পূর্ণ ধ্বংস হয়।
তদন্তকাৰীসকলে সন্দেহ কৰিছে যে এই বিস্ফোৰণৰ সৈতে পুলৱামা আক্ৰমণত ব্যৱহৃত নেটৱৰ্কৰ যোগ থাকিব পাৰে। এতিয়া সুৰক্ষা সংস্থাসমূহে UAPA আইনৰ অধীনত তদন্ত আৰম্ভ কৰিছে আৰু দিল্লী, ফৰিদাবাদ, কাশ্মীৰজুৰি অভিযান অব্যাহত আছে।
ডিজিটেল ডেস্ক, ১১ নৱেম্বৰ