নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত হ’ব ৰাজস্থান ৰয়েলছৰ সকলো ঘৰুৱা মেচ ! ৰাজস্থান ক্রিকেট এছ’চিয়েচনৰ সৈতে সংঘাত

নিউজ ডেস্ক, ১১ নৱেম্বৰ : ৰাজস্থান ৰয়েলছে আগন্তুক আইপিএল ছিজনৰ ঘৰুৱা মেচসমূহ গুৱাহাটীত খেলাৰ পূর্ণ সম্ভাৱনা আছে৷ ৰাজস্থান ক্রিকেট এছ’চিয়েচনৰ সৈতে অব্যাহত থকা সংঘাতৰ বাবেই ৰাজস্থান ৰয়েলছে আগন্তুক আইপিএলৰ সকলো ঘৰুৱা মেচ জয়পুৰৰ সৱাই মানসিং ষ্টেডিয়ামৰ পৰা স্থানান্তৰ কৰাৰ চিন্তা–চর্চা কৰিছে৷

উল্লেখ্য যে ৰাজস্থান ৰয়েলছ আৰু ৰাজস্থান ক্রিকেট এছ’চিয়েচনৰ মাজত চলি থকা সংঘাত শেহতীয়াকৈ আৰু অধিক ভয়াৱহ হৈ পৰিছে৷ ফলস্বৰূপে ৰাজস্থানে জয়পুৰৰ পৰা আইপিএলৰ ঘৰুৱা মেচসমূহ গুৱাহাটীলৈ স্থানান্তৰ কৰাৰ চিন্তা–চর্চা কৰিছে৷ দীর্ঘদিন ধৰি ৰাজস্থান ৰয়েলছ আৰু আৰচিএৰ মাজৰ সম্পর্ক বেয়া আছিল যদিও যোৱা বছৰ আৰচিএই ৰাজস্থান ৰয়েলছক চলিত বছৰৰ আইপিএলত মেচ ফিক্সিং কৰাৰ অভিযোগ উত্থাপন কৰাৰ খবৰে বিবাদ শিখৰত উপনীত হৈছিল৷ চলিত বর্ষৰ আইপিএলত ৰাজস্থান ৰয়েলছে গুৱাহাটীত অধিকসংখ্যক ঘৰুৱা মেচ খেলিবলৈ বাধ্য হৈছিল৷

উল্লেখ্য যে সংবাদ প্রতিষ্ঠানত প্রকাশিত বাতৰি অনুসৰি, ৰাজস্থান ৰয়েলছে আইপিএল–২০২৬ ছিজনৰ নিজৰ ঘৰুৱা মেচসমূহ গুৱাহাটীলৈ স্থানান্তৰিত কৰাৰ পৰিকল্পনা কৰিছে, যাৰ অর্থ হৈছে ফ্রেঞ্চাইজীৰ ঘৰুৱা পৰিচয়ত ডাঙৰ পৰিৱর্তন৷

You might also like