বিশেষ বাৰ্তা, সোণাৰি, ১১ নৱেম্বৰ : চৰাইদেউ জিলাৰ পূব প্ৰান্তত অৱস্থিত চুবুৰীয়া অৰুণাচল প্ৰদেশৰ সীমা নির্ধাৰণ কৰি ৩০৩২.৭০৬ হেক্টৰ ভূ-খণ্ড আগুৰি থকা দিল্লী সংৰক্ষিত বনাঞ্চলত সম্প্রতি অৰুণাচল দিশৰ পৰা চোৰাং কাঠ ব্যৱসায়ীয়ে ব্যাপক হাৰত বনাঞ্চলখনৰ ধ্বংসযজ্ঞ অব্যাহত ৰখাৰ তথ্য লাভ পোহৰলৈ আহিছে। চোৰাং কাঠ ব্যৱসায়ীয়ে বনাঞ্চলখনৰ মেকাই, হোলোং, শাল, চেগুন, চাম, তিতাচপা, বনচোম, উৰিয়াম আদি মূল্যৱান গছ বন বিভাগৰ দুৰ্বলতাৰ সুযোগ গ্রহণ কৰি মেচিন কৰতেৰে কাটি ব্যাপক ধ্বংসযজ্ঞ অব্যাহত ৰাখিছে।
এক সূত্রই জনোৱা মতে, চোৰাং কাঠ ব্যৱসায়ীসকলে বনাঞ্চলখনত কটা মূল্যৱান গছবোৰ কুণ্ডা আকাৰত টুকুৰা কৰি হাতীৰ সহায়ত অসম-অৰুণাচলৰ সীমা নির্ধাৰণ কৰি বৈ যোৱা টীয়ক নৈৰ পাৰত অৰুণাচলৰ মাটিত অৱস্থিত চাৰিটা শ্ব’ মিললৈ যোগান ধৰি আহিছে। জানিব পৰা মতে, শ্ব’ মিলকেইটাত চোৰাং কাঠ বেপাৰীয়ে যোগান ধৰা কুণ্ডাবোৰৰ পৰা প্লাইব’ৰ্ড প্ৰস্তুত কৰাৰ লগতে বীম আকাৰত কুণ্ডাবোৰ ফালি চৰাইদেউ জিলাৰ লগতে শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তত থকা মিলবোৰৰ উপৰি বহিঃৰাজ্যলৈ প্লাইব’ৰ্ডবোৰ যোগান ধৰে।
উল্লেখ্য যে দিল্লী সংৰক্ষিত বনাঞ্চল সুৰক্ষাৰ বাবে বৰহাট আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অধীনত নগাহাট খণ্ড, হালোৱা খণ্ড, লেফেৰা খণ্ড আৰু দিল্লীঘাট খণ্ড হিচাপে চাৰিটা খণ্ড বন বিষয়া কার্যালয় আছিল। চাৰিটা খণ্ড বন বিষয়া কার্যালয় থাকিলেও পর্যাপ্ত বনকর্মী নিয়োগ নকৰাৰ বাবে আৰু বনকর্মীয়ে চোৰাং কাঠ ব্যৱসায়ীক বাধা দিব পৰাকৈ প্রয়োজনীয় মাৰণাস্ত্ৰ বিভাগীয় কর্তৃপক্ষই যোগান নধৰাৰ বাবে পূৰ্বৰ পৰা বনকৰ্মীসকলে নামমাত্র দায়িত্ব পালনেৰে নিজৰ দায়িত্ব সম্পন্ন কৰি লগা হৈছে।
অসমৰ দিশৰ পৰা দিল্লী সংৰক্ষিত বনাঞ্চলখন দেখাত এখন বৃহৎ সংৰক্ষিত বনাঞ্চল যেন লাগিলেও ভিতৰলৈ সোমাই গ’লেই ইয়াৰ প্ৰকৃত প্রতিচ্ছবিখন দেখিবলৈ পোৱা যায়। অৰুণাচল দিশৰ পৰা চোৰাং কাঠ বেপাৰীয়ে বনাঞ্চলখনত চলাই অহা বন ধ্বংসযজ্ঞ বনাঞ্চলখনৰ ভিতৰলৈ গৈ প্রত্যক্ষ কৰিলে যিকোনো লোকৰে চকু কপালত উঠিব আৰু এনেদৰে বন ধ্বংসযজ্ঞ চলি থাকিলে এদিন কালৰ সোঁতত দিল্লী সংৰক্ষিত বনাঞ্চল বিলীন হৈ যে যাব, সেয়া নিশ্চিত হৈ পৰিছে।
উল্লেখ্য যে অসম-অৰুণাচলৰ সীমা হিচাপে অতীতৰে পৰা টীয়ক নদীখন চিহ্নিত হৈ আহিছিল যদিও অৰুণাচলী লোকে ইতিপূর্বে টীয়ক নদীৰ সীমা অতিক্ৰম কৰি আহি কামকু (নাহৰণি), হাচিৰোচা (দুই নং চৰাইপুং), টংলাম আদি গাঁও স্থাপন কৰাৰ উপৰি দিল্লী সংৰক্ষিত বনাঞ্চলৰ পূব দিশত বনাঞ্চল ধ্বংস কৰি মৰাশালি, অতংখোৱা নামেৰে দুখন গাঁও স্থাপন কৰে। তদুপৰি লাওনো বস্তিৰ বাসিন্দাসকলে দিল্লী সংৰক্ষিত বনাঞ্চলৰ গছ-গছনি কাটি ইতিপূর্বে বহু বিঘা মাটিত চাহ বাগান খুলি, ঘৰ-বাৰী নিৰ্মাণ কৰি স্থায়ী বাসিন্দা হৈ গজগজীয়া হৈ পৰিছে।
সীমা বিবাদ নিষ্পত্তি হোৱা নাই যদিও অসমৰ ভূমি দখলেৰে গাঁও স্থাপন কৰা অৰুণাচলীসকলৰ সুবিধার্থে অৰুণাচল চৰকাৰে অসমৰ মাটিতে চৰকাৰী পুঁজি ব্যয়েৰে ৰাস্তা-ঘাট নির্মাণ, বিশুদ্ধ খোৱাপানী যোগান, চৰকাৰী গৃহ আবণ্টন, অৰুণাচল আৰক্ষীৰ তালাচী চকী আদি নিৰ্মাণ কৰি একপ্ৰকাৰ অসমৰ মাটি সম্পূৰ্ণৰূপে নিজৰ দখললৈ নিলে যদিও অসম চৰকাৰ আছে কুম্ভকর্ণ নিদ্রাত। যদিহে দিল্লী সংৰক্ষিত বনাঞ্চল সুৰক্ষাৰ বাবে আৰু সীমা বিবাদ নিষ্পত্তিৰ ক্ষেত্ৰত চৰকাৰে যথোচিত পদক্ষেপ সময় থাকোঁতেই গ্ৰহণ নকৰে, তেন্তে এটা সময়ত দিল্লী সংৰক্ষিত বনাঞ্চলখন সম্পূর্ণ ধ্বংস হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি।