কুকুৰপ্রেমীৰ বৃহৎ জয়, গৰাকীবিহীন বাটৰ কুকুৰক পঠাব নোৱাৰিব আশ্রয় কেন্দ্রলৈ
🔹 পূর্বৰ ৰায় সংশোধন উচ্চতম ন্যায়ালয়ৰ
নিউজ ডেস্ক, ২৩ আগষ্ট : ৰাজধানী দিল্লী আৰু ৰাষ্ট্রীয় ৰাজধানী অঞ্চল (এনচিআৰ)ৰ গৰাকীবিহীন বাটৰ কুকুৰক আঁতৰ কৰি আশ্রয় কেন্দ্রলৈ পঠিওৱাৰ ৰায়ক লৈ তীব্র বিতর্ক আৰু প্রতিক্রিয়া সৃষ্টি হোৱাৰ পিছত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বি আৰ গাভাইৰ হস্তক্ষেপত পূর্বৰ ৰায় সংশোধন কৰিবলগীয়া হয়৷
সর্বোচ্চ ন্যায়ালয়ৰ দুজনীয়া বিচাৰপীঠে পূর্বৰ ৰায় সংশোধন কৰি গৰাকীবিহীন সকলোবোৰ বাটৰুৱা কুকুৰক ৰাস্তাৰ পৰা আঁতৰাই আশ্রয়গৃহলৈ পঠিয়াব নোৱাৰিব বুলি স্পষ্ট কৰি দিয়ে৷ টিকাকৰণ কৰাৰ পিছত বাটৰুৱা কুকুৰবোৰক আশ্রয় কেন্দ্রৰ পৰা পুনৰ আগৰ ঠাইত এৰি দিব লাগিব৷
সর্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ বিক্রম নাথ, সঞ্জীৱ মেহতা আৰু এন ভি আঞ্জাৰিয়াৰ তিনিজনীয়া বিচাৰপীঠে দিল্লী আৰু ৰাষ্ট্রীয় ৰাজধানী অঞ্চলৰ বাটৰুৱা কুকুৰক ৰাস্তাৰ পৰা আঁতৰাই আশ্রয় কেন্দ্রলৈ পঠিয়াবলৈ নির্দেশ দিয়ে৷ এই ৰায়ৰ পিছতেই তীব্র প্রতিক্রিয়া আৰু বিতর্ক সৃষ্টি হোৱাত মুখ্য ন্যায়াধীশ গাভাইয়ে বিষয়টো বিবেচনা কৰি নতুনকৈ বিচাৰপীঠত শুনানি কৰে আৰু এই বিচাৰপীঠে পূর্বৰ ৰায়ক সংশোধন কৰাত কুকুৰপ্রেমীয়ে ন্যায়ালয়ৰ ৰায়ক আদৰণি জনায়৷