বৃহস্পতিবাৰে লোকসভাত বিৰোধী দলৰ আপত্তিৰ মাজতে সংবিধান (১৩১তম সংশোধনী) বিধেয়ক-২০২৬, সীমা নিৰ্ধাৰণ বিধেয়ক-২০২৬ আৰু কেন্দ্ৰীয়শাসিত অঞ্চল আইন (সংশোধনী) বিধেয়ক-২০২৬ উত্থাপন কৰা হয়। ধ্বনি ভোটৰ পৰিৱৰ্তে বিভাজন ভোটৰ দাবী জনোৱাৰ পিছতেই এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।
লোকসভাৰ সচিব প্ৰধানে লোকসভাৰ নিজা ব্যৱস্থাৰ জৰিয়তে ‘হয়’, ‘নহয়’ অথবা ‘বিৰত’ ভোটদানৰ প্ৰক্ৰিয়া ব্যাখ্যা কৰে। তাৰ পিছতে লোকসভাৰ অধ্যই সংবিধান (১৩১তম সংশোধনী) বিধেয়ক-২০২৬ উত্থাপনৰ বাবে বিভাজন প্ৰক্ৰিয়া আৰম্ভ কৰে। বিৰোধী সদস্যসকলে বিধেয়কসমূহ উত্থাপনৰ বিৰুদ্ধে ভোটৰ দাবী জনাইছিল।
চূড়ান্ত বিভাজন অনুসৰি মুঠ ৩৩৩টা ভোটৰ ভিতৰত ২৫১টা ‘হয়’ আৰু ১৮৫টা ‘নহয়’ ভোট পৰে। ‘হয়’ ভোটৰ সংখ্যাগৰিষ্ঠতাৰ জৰিয়তে সংবিধান (১৩১ তম সংশোধনী) বিধেয়ক, ২০২৬, সীমা নিৰ্ধাৰণ বিধেয়ক আৰু কেন্দ্ৰীয় শাসিত অঞ্চল আইন (সংশোধনী) বিধেয়ক—এই তিনিওখন বিধেয়ক লোকসভাত উত্থাপন কৰা হয়।
প্ৰথমতে ধ্বনি ভোট ব্যৱহাৰ কৰা হৈছিল যদিও ইয়াক প্ৰত্যাহ্বান জনোৱাৰ পিছতে বিভাজন ভোটৰ আহ্বান কৰা হয়। এই ভোটদান প্ৰক্ৰিয়াত স্বয়ংক্ৰিয় ভোট ৰেকৰ্ডিং ব্যৱস্থা ব্যৱহাৰ কৰা হয়। লোকসভাত ভোট শ্লিপ ব্যৱহাৰ কৰি ভোটদান কৰা হৈছিল আৰু এই প্ৰক্ৰিয়াত কোনো বিৰত ভোট নাছিল।
ইফালে ‘নাৰী শক্তি বন্দন অধিনিয়ম’ৰ সংশোধনী পাছ কৰিবলৈ চৰকাৰে ১৬, ১৭ আৰু ১৮ এপ্ৰিলত সংসদৰ এক বিশেষ অধিৱেশন আহ্বান কৰিছে। ২০১১ চনৰ লোকপিয়লৰ ভিত্তিত ২০২৯ চনৰ লোকসভা নিৰ্বাচনৰ পৰা মহিলা সংৰক্ষণ বিধেয়ক কাৰ্যকৰী কৰাৰ লক্ষ্যৰে চৰকাৰে বিৰোধী দলসমূহৰ সমৰ্থন বিচাৰি আহিছে।
এই সন্দৰ্ভত মঙলবাৰে অনুষ্ঠিত এক অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে বিৰোধী দলসমূহক সংশোধনীখনৰ প্ৰতি সমৰ্থন জনাবলৈ আহ্বান জনায়। তেওঁ কয় যে মহিলা সংৰক্ষণ দেশৰ প্ৰতিগৰাকী ভগ্নী আৰু কন্যাৰ আশা-আকাংক্ষা, আৰু ইয়াক একমত হৈ সফল কৰা উচিত।
ডিজিটেল ডেস্ক, ১৬ এপ্ৰিল