আফ্ৰিকাত দ্ৰুতগতিত বিয়পি পৰা ক’ৰোনাতকৈও অধিক ভয়ংকৰ বুলি ধৰা হোৱা ইবোলা ভাইৰাছক লৈ বিশ্বজুৰি আতংকৰ সৃষ্টি হোৱাৰ মাজতে উগাণ্ডাৰ পৰা উভতি অহা এগৰাকী মহিলাক বেংগালুৰুৰ এখন চৰকাৰী চিকিৎসালয়ত পৰ্যবেক্ষণৰ বাবে আইচ’লেচনত ৰখা হৈছে।
২৮ বছৰীয়া মহিলাগৰাকী আহমেদাবাদ হৈ বেংগালুৰুত উপস্থিত হৈছিল। মঙলবাৰে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। চিকিৎসকসকলৰ মতে, মহিলাগৰাকীৰ শৰীৰত সামান্য বিষ অনুভৱ হৈছে যদিও ইবোলা ভাইৰাছৰ গুৰুতৰ লক্ষণ দেখা পোৱা হোৱা নাই আৰু তেওঁৰ স্বাস্থ্যস্থিতিও স্থিৰ আছে।
কৰ্তৃপক্ষৰ তথ্য অনুসৰি, ইবোলা প্ৰভাৱিত অঞ্চলৰ পৰা অহা মহিলাগৰাকীক হোটেলৰ পৰা চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয়। তেওঁৰ নমুনা পৰীক্ষাৰ বাবে National Institute of Virologyলৈ প্ৰেৰণ কৰা হৈছে আৰু এতিয়াও পৰীক্ষাৰ ফলাফলৰ অপেক্ষা কৰা হৈছে।
ইফালে, ভাৰত চৰকাৰে স্পষ্ট কৰি দিছে যে দেশত এতিয়ালৈকে ইবোলা ভাইৰাছৰ কোনো নিশ্চিত ঘটনা পোৱা হোৱা নাই। Ministry of Health and Family Welfareয়ে জানিবলৈ দিয়ে যে আফ্ৰিকাৰ কেইবাখনো অঞ্চলত ইবোলাৰ নতুনকৈ সংক্ৰমণ বৃদ্ধি পোৱাৰ খবৰ পোৱাৰ পিছৰে পৰা পৰিস্থিতিৰ ওপৰত নজৰ ৰখা হৈছে।
ইবোলা ভাইৰাছক লৈ ভাৰত চৰকাৰ সতৰ্ক হৈ উঠিছে। কংগো, উগাণ্ডা আৰু দক্ষিণ ছুডানৰ পৰা অহা অথবা সেই দেশসমূহৰ মাজেৰে যাত্ৰা কৰা যাত্ৰীসকলৰ বাবে স্বাস্থ্য পৰামৰ্শ জাৰি কৰা হৈছে। চৰকাৰে কৈছে যে জ্বৰ, বমি, মূৰৰ বিষ, অস্বাভাৱিক ৰক্তক্ষৰণ অথবা সংক্ৰমিত ব্যক্তিৰ সংস্পৰ্শলৈ অহাৰ দৰে লক্ষণ থকা যাত্ৰীয়ে ইমিগ্ৰেচন ক্লিয়াৰেন্সৰ পূৰ্বে বিমানবন্দৰৰ স্বাস্থ্য বিষয়াক তৎক্ষণাত অৱগত কৰিব লাগিব।
উল্লেখযোগ্য যে, ইবোলা ভাইৰাছৰ এই প্ৰাদুৰ্ভাৱত “বুণ্ডিবুগ্যো” নামৰ এক বিশেষ ষ্ট্ৰেইন জড়িত আছে। ইবোলা এক অতি গুৰুতৰ আৰু প্ৰাণঘাতী ৰোগ, যি সাধাৰণতে সংক্ৰমিত ব্যক্তিৰ শৰীৰৰ তৰল পদাৰ্থৰ সংস্পৰ্শৰ জৰিয়তে বিয়পি পৰে।
বিশ্ব স্বাস্থ্য সংস্থাই এই বিৰল বুণ্ডিবুগ্যো ষ্ট্ৰেইনৰ সংক্ৰমণক এতিয়ালৈকে তৃতীয় বৃহত্তম প্ৰাদুৰ্ভাৱ বুলি ঘোষণা কৰাৰ লগতে ইয়াক আন্তঃৰাষ্ট্ৰীয় উদ্বেগৰ “পাব্লিক হেল্থ ইমাৰ্জেন্সি” হিচাপেও চিহ্নিত কৰিছে।
কংগো আৰু উগাণ্ডাত ইবোলাৰ সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি পাইছে। তেওঁ জনোৱা মতে, এতিয়ালৈকে সন্দেহজনক মৃত্যুৰ সংখ্যা ২২০লৈ বৃদ্ধি পাইছে।
ডিজিটেল ডেস্ক, ২৭ মে’