নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পশ্চিমবংগত শুভেন্দু অধিকাৰীৰ সৈতে ৫জনৰ শপত গ্ৰহণ

পশ্চিমবংগৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শুভেন্দু অধিকাৰীয়ে শপত গ্ৰহণ কৰাৰ লগতে আজি তেওঁৰ সৈতে আন ৫জন নেতায়ো মন্ত্ৰী হিচাপে শপত লয়।

শপত গ্ৰহণ কৰা নেতাসকলৰ ভিতৰত আছে— দিলীপ ঘোষ, অগ্নিমিত্ৰা পল, অশোক কীৰ্তনীয়া, নিশিথ প্ৰামাণিক আৰু খুদিৰাম টুডু।

কলকাতাৰ ব্ৰিগেড পেৰেড গ্ৰাউণ্ডত অনুষ্ঠিত ভব্য শপত গ্ৰহণ অনুষ্ঠানত এই নেতাসকলে ৰাজ্যৰ নতুন চৰকাৰৰ অংশ হিচাপে দায়িত্ব গ্ৰহণ কৰে।

উল্লেখ্য যে পশ্চিমবংগৰ বাংকুড়া জিলাৰ ৰাণীবাধ সমষ্টিৰ বিধায়ক খুদিৰাম টুডুৱে মন্ত্ৰী পদৰ শপত গ্ৰহণ কৰিছে। বিজেপিৰ অন্যতম জ্যেষ্ঠ নেতা অশোক কীৰ্তনীয়ায়ো মন্ত্ৰী হিচাপে শপত লয়। তেওঁ বনগাঁও উত্তৰ সমষ্টিৰ পৰা নিৰ্বাচিত বিধায়ক। বিজেপিৰ অন্যতম প্ৰভাৱশালী মহিলা নেত্ৰী অগ্নিমিত্ৰা পলেও মন্ত্ৰী পদৰ শপত গ্ৰহণ কৰে। তেওঁ বৰ্তমান ৰাজ্যিক বিজেপিৰ উপ-সভানেত্ৰী হিচাপে দায়িত্ব পালন কৰি আছে। ইয়াৰ উপৰিও বিজেপি বিধায়ক দিলীপ ঘোষেও মন্ত্ৰী পদৰ শপত লয়। তেওঁ খড়গপুৰ সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল।

ডিজিটেল ডেস্ক, ৯ মে’ 

You might also like