ডিজিটেল ডেস্ক, ৯ মে’ : অসমৰ বাবে গৌৰৱৰ খবৰ। আৰব সাগৰত মুম্বাইৰ এলিফেণ্টা দ্বীপৰ পৰা গেটৱে’ অৱ ইণ্ডিয়ালৈ প্রায় ১৩ কিলোমিটাৰ সাগৰীয় জলপথ সাঁতুৰি অতিক্ৰম কৰি বিশ্বৰ সর্বকনিষ্ঠ সাঁতোৰবিদ হিচাপে নতুন ৰেকৰ্ড গঢ়িছে অসম কন্যা কিউ চেং হান ফুকনে। ইয়াৰ উপৰি পাক প্ৰণালীত ৰীলে সাঁতোৰতো উজলিছে এই কণমানি সাঁতোৰবিদগৰাকী। শুকুৰবাৰে নিজ গৃহ অঞ্চল হলগুৰিত কিউ চেং হানক উষ্ম আদৰণি আৰু ৰাজহুৱা সম্বৰ্ধনা জনোৱা হয়।
উল্লেখ্য যে চৰাইদেউ জিলাৰ খালৈঘোণ্ডৰা মৌজা আৰু শিৱসাগৰ জিলাৰ বকতা মৌজাৰ সীমামূৰীয়া হলগুৰি গাঁৱৰ কন্যা কিউ চেং হান ফুকনে সাঁতোৰ জগতত এক অনন্য কৃতিত্ব অৰ্জন কৰিছে। গুৱাহাটীৰ জি এছ টিৰ অতিৰিক্ত আয়ুক্ত হেমাংগ ফুকন আৰু ৰিমলী হাজৰিকা ফুকনৰ একমাত্র কন্যা কিউ চেং হানে আৰব সাগৰত এলিফেণ্টা দ্বীপৰ পৰা গেটৱে’ অৱ ইণ্ডিয়ালৈ প্রায় ১৩ কিলোমিটাৰ জলপথ সাঁতুৰি অতিক্ৰম কৰি বিশ্বৰ সর্বকনিষ্ঠ সাঁতোৰবিদ হিচাপে পৰিগণিত হৈছে।
ইয়াৰ উপৰি যোৱা ৫ মে’ত শ্রীলংকাৰ টালাইমান্নাৰ উপকূলৰ পৰা ভাৰতৰ ধনুষকোডিৰ আৰিচল মুনাইলৈ পাক প্ৰণালীৰ প্রায় ২৯ কিলোমিটাৰ দুৰ্গম জলপথ ৰীলে সাঁতোৰৰ জৰিয়তে অতিক্ৰম কৰে অসমৰ তিনিগৰাকী কন্যাই। এই দলটোত আছিল কিউ চেং হান ফুকন, জানভী ডাকুৱা আৰু কাংকিতা দাস। প্রায় ১৩ ঘণ্টাৰ এই দুঃসাহসিক সাঁতোৰে ৰাজ্যজুৰি সৃষ্টি কৰিছে উৎসাহৰ জোৱাৰ।
বৰ্তমান গুৱাহাটীৰ গ্ৰীন স্কুল ইণ্টাৰনেচনেলৰ তৃতীয় শ্ৰেণীৰ শিক্ষার্থী কিউ চেং হানে অর্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া কমপ্লেক্সত প্রশিক্ষক বাবুল গুৰুঙৰ তত্ত্বাৱধানত নিয়মীয়া সাঁতোৰৰ প্রশিক্ষণ গ্রহণ কৰি আছে।
শুকুৰবাৰৰ দিনটোত নিজ গৃহ অঞ্চল হলগুৰিত কিউ চেং হান ফুকনক উষ্ম আদৰণি জনায় বৰগুৰি ৰূপালী যুৱক আৰু মহিলা সমিতিয়ে। সংঘ আৰু মহিলা সমিতিৰ প্ৰাংগণত আয়োজিত অনুষ্ঠানত অঞ্চলটোৰ অৰ্ধশতাধিক সামাজিক, সাংস্কৃতিক আৰু শৈক্ষিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে বহু বিশিষ্ট ব্যক্তিয়ে উপস্থিত থাকি কণমানি সাঁতোৰবিদগৰাকীক ৰাজহুৱাভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে। কিউ চেং হানৰ এই কৃতিত্বই সমগ্ৰ অঞ্চলটোৰ লগতে অসমবাসীক গৌৰৱান্বিত কৰি তুলিছে।