নয়ডা, দিল্লী, ৰাজস্থান আৰু উত্তৰ প্ৰদেশকে ধৰি সমগ্ৰ উত্তৰ ভাৰত এই সময়ত ভয়ংকৰ তাপপ্ৰবাহৰ কবলত পৰিছে। বহু অঞ্চলত তাপমাত্ৰা অবিৰতভাৱে ৪৫ৰ পৰা ৪৮ ডিগ্ৰী চেলছিয়াছৰ মাজত থাকিছে। দিনৰ লগতে নিশাও গৰমৰ পৰা কোনো সকাহ নথকাত হিটষ্ট্ৰোক আৰু ডিহাইড্ৰেচনৰ আশংকা দ্ৰুতগতিত বৃদ্ধি পাইছে।
উত্তৰ ভাৰতত এই মুহূৰ্তত প্ৰচণ্ড গৰমে জনজীৱন অতিষ্ঠ কৰি তুলিছে। উত্তৰ প্ৰদেশ, দিল্লী, ৰাজস্থান, পঞ্জাব, হাৰিয়ানা আৰু মহাৰাষ্ট্ৰকে ধৰি বহু ৰাজ্যত সূৰ্যই যেন জুই বৰষাই আছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগ (IMD)-এ উত্তৰ প্ৰদেশ আৰু মধ্য প্ৰদেশৰ বহু জিলাৰ বাবে ৰেড এলাৰ্ট জাৰি কৰিছে।
উত্তৰ প্ৰদেশৰ বান্দা জিলা আটাইতকৈ অধিক গৰমত জ্বলি আছে, য’ত তাপমাত্ৰা ৪৮.২ ডিগ্ৰী চেলছিয়াছলৈকে বৃদ্ধি পাইছে। বতৰ বিভাগে বান্দা, চিত্ৰকূট, প্ৰয়াগৰাজ, ফতেহপুৰ, আগ্ৰা, ফিৰোজাবাদ, ইটাৱা, হামিৰপুৰ, জালাউন, মহোবা আৰু ঝাঁসীত ৰেড এলাৰ্ট জাৰি কৰিছে। আগন্তুক তিনি দিনলৈ তাপমাত্ৰা ৪৭ ডিগ্ৰীৰ ওপৰত থাকিব পাৰে বুলি আশংকা প্ৰকাশ কৰা হৈছে।
দিল্লী-NCRতো প্ৰচণ্ড গৰমে জনসাধাৰণৰ দুৰ্ভোগ বঢ়াই তুলিছে। ৰাজধানী আৰু পাৰ্শ্বৱৰ্তী অঞ্চলসমূহত তীব্ৰ তাপপ্ৰবাহ অব্যাহত থকাত IMD-এ দিল্লীৰ বাবে জাৰি কৰা ইয়েলো এলাৰ্ট উন্নীত কৰি অৰেঞ্জ এলাৰ্ট ঘোষণা কৰিছে।
বতৰ বিভাগৰ তথ্য অনুসৰি দিল্লীত তাপমাত্ৰা ৪৬ ডিগ্ৰী চেলছিয়াছ অতিক্ৰম কৰিব পাৰে। আগন্তুক দুদিনলৈ অত্যন্ত তীব্ৰ তাপপ্ৰবাহ চলি থকাৰ সম্ভাৱনা আছে। IMD-এ আগন্তুক পাঁচ দিনৰ বাবে অৰেঞ্জ এলাৰ্ট জাৰি কৰি কৈছে যে এই সপ্তাহত দিনৰ তাপমাত্ৰা ৪৩ ডিগ্ৰীৰ তললৈ নামি অহাৰ সম্ভাৱনা অতি কম।
ৰাজস্থানৰ চিত্তৌৰগড়ত ৪৬.৩ ডিগ্ৰী তাপমাত্ৰা ৰেকৰ্ড কৰা হৈছে। বহু অঞ্চলত নিশাৰ তাপমাত্ৰাও ৩০ ডিগ্ৰীৰ ওপৰত আছে। পঞ্জাব আৰু হাৰিয়ানাতো পাৰা ৪৭ ডিগ্ৰীৰ ওচৰ পাইছে।
মহাৰাষ্ট্ৰৰ আকোলা, অমৰাৱতী আৰু ৱৰ্ধাত তীব্ৰ লুৰ সতৰ্কবাণী জাৰি কৰা হৈছে। বিশেষজ্ঞসকলে জনসাধাৰণক দুপৰীয়া সময়ত বাহিৰলৈ নোযাবলৈ, পৰ্যাপ্ত পানী খাবলৈ আৰু সতৰ্ক হৈ থাকিবলৈ পৰামৰ্শ দিছে।
দেশৰ বহু অংশত আগন্তুক কেইদিনমান তীব্ৰ গৰম আৰু লুৰ প্ৰভাৱ অব্যাহত থাকিব। IMD-এ পঞ্জাব, হাৰিয়ানা, দিল্লী, পশ্চিম আৰু পূব উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ, ৰাজস্থান আৰু বিদৰ্ভ অঞ্চলত তাপপ্ৰবাহৰ পৰা আৰম্ভ কৰি ‘Severe Heatwave’-ৰ এলাৰ্ট জাৰি কৰিছে। বহু অঞ্চলত নিশাও গৰমে অস্বস্তিকৰ পৰিস্থিতি সৃষ্টি কৰিব।
দিল্লী-NCR, উত্তৰ প্ৰদেশ আৰু ৰাজস্থানত তাপমাত্ৰা ৪৫ ডিগ্ৰীৰ ওপৰলৈ যাব পাৰে। আনহাতে বিহাৰ, ওড়িশা, তেলেংগানা আৰু অন্ধ্ৰ প্ৰদেশতো লু আৰু আর্দ্ৰতাই জনসাধাৰণক কষ্ট দিছে।
ইফালে উত্তৰ-পূব ভাৰত, কেৰালা, তামিলনাডু, কৰ্ণাটক আৰু আন্দামান-নিকোবৰ দ্বীপপুঞ্জত বজ্ৰপাতসহ ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে।
গৱেষণাৰ তথ্য অনুসৰি ভাৰতত তাপপ্ৰবাহ আগৰ তুলনাত অধিক দীঘলীয়া, তীব্ৰ আৰু অব্যাহত ৰূপ লৈছে। নতুন এক অধ্যয়নত প্ৰকাশ পাইছে যে এল নিনো-ছাউদাৰ্ণ অচিলেশ্যন (ENSO)-এ দেশত চূড়ান্ত তাপমাত্ৰা আৰু লুৰ পৰিস্থিতি অধিক ভয়াবহ কৰি তুলিছে। বিশেষকৈ এল নিনো বছৰত উত্তৰ-পশ্চিম আৰু মধ্য ভাৰতত অস্বাভাৱিকভাৱে তাপমাত্ৰা বৃদ্ধি পায়।
ডিজিটেল ডেস্ক, ২০ মে’