নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ফিফা বিশ্বকাপৰ বাবে ব্রাজিলৰ ২৬জনীয়া দল ঘোষণা

আসন্ন ফিফা বিশ্বকাপৰ বাবে ২৬জনীয়া দল ঘোষণা কৰিলে ৫বাৰৰ চেম্পিয়ন ব্রাজিলে৷ ঘোষিত দলটোত আটাইতকৈ ডাঙৰ চমক হৈছে তাৰকা ফৰৱার্ড নেইমাৰৰ ৰাজকীয় প্রত্যাৱর্তন৷

২০২৩ বর্ষৰ পিছৰ পৰা আঘাত আৰু বিভিন্ন কাৰণৰ বাবে ব্রাজিলৰ জার্ছীত দেখা নাপালেও ফুটবলৰ আটাইতকৈ ডাঙৰ মঞ্চত চতুর্থ বিশ্বকাপ খেলাৰ বাবে সম্পূর্ণ প্রস্তুত নেইমাৰ৷ দলৰ প্রশিক্ষক কার্লো এনচেলোটিয়ে নেইমাৰৰ অভিজ্ঞতা আৰু নেতৃত্বৰ প্রশংসা কৰি দলত অন্তর্ভুক্ত হোৱাটো নিশ্চিত কৰে৷

দলটোৰ জ্যেষ্ঠ খেলুৱৈসকলৰ অভিজ্ঞতাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে প্রশিক্ষক এনচেলোটিয়ে৷ নেইমাৰৰ বর্তমানৰ অৱস্থা সন্দর্ভত তেওঁ কয় যে তেওঁৰ ফিটনেছৰ যথেষ্ট উন্নতি হৈছে আৰু তেওঁ বিশ্বকাপৰ প্রথমখন মেচলৈকে নিজকে নিখুঁত কৰিবলৈ সক্ষম হ’ব৷

অভিজ্ঞ ফৰৱার্ডগৰাকীৰ উপস্থিতিয়ে দলৰ কনিষ্ঠ ফুটবলাৰসকলক অনুপ্রাণিত কৰাৰ লগতে ড্রেছিং ৰুমৰ পৰিৱেশ অধিক ইতিবাচক কৰি তুলিব৷ আল হিলাল অধ্যায় সমাপ্ত কৰি বর্তমান ছাণ্টোছ এফচিৰ হৈ খেলা নেহমাৰে ৭৯টা গ’ল দিয়া ব্রাজিলৰ সর্বকালৰ সর্বাধিক গ’লদাতা৷

ব্রাজিলে ঘোষণা কৰা দলটোত কিছুমান চমক আছে যদিও কেইবাগৰাকীও তাৰকা বাদ পৰিছে৷ চেলছিৰ ২৪ বছৰীয়া ষ্ট্রাইকাৰ জোৱাও পেড্রোক ঘোষিত দলটোৰ পৰা বাদ দিয়া হৈছে৷ ইয়াৰ উপৰি এণ্টনীৰ দৰে চিনাকি মুখবোৰেও এইবাৰ স্থান লাভ কৰা নাই৷

অৱশ্যে এনৰিকে আৰু ৰিয়ানৰ দৰে যুৱ প্রতিভাই বিশ্বকাপত প্রথমবাৰৰ বাবে স্থান লাভ কৰি নিজৰ যোগ্যতা প্রমাণ কৰাৰ সোণালী সুযোগ লাভ কৰিছে৷ ১১ জুনৰ পৰা আৰম্ভ হ’বলগীয়া বিশ্বকাপত ব্রাজিলৰ অভিযান আৰম্ভ হ’ব ১৩ জুনত নিউ জার্ছীত মৰক্কোৰ বিৰুদ্ধে গ্রুপ ‘চি’ত চেলেকাৱৰ আন দুগৰাকী প্রতিদ্বন্দ্বী হ’ল হাহটি আৰু স্কটলেণ্ড৷

যোৱা ৩খন বিশ্বকাপত ৮টা গ’ল দিয়া নেইমাৰৰ এতিয়া মাত্র এটা মূল লক্ষ্য আছে ২০০২ চনৰ পিছত ব্রাজিলক পুনৰ বিশ্বকাপৰ ট্রফী আনি দিয়া৷ এতিয়া ব্রাজিলৰ লাখ লাখ অনুৰাগীয়ে সপোন বাস্তৱায়িত কৰিবলৈ নেইমাৰৰ ওপৰৰ আশা ৰাখিছে৷

ডিজিটেল ডেস্ক, ২০ মে’

You might also like