পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে কয় যে আৰক্ষীৰ ওপৰত আক্ৰমণ আৰু হিংসাত্মক ঘটনাক কোনোপধ্যেই সহ্য কৰা নহ’ব। তেওঁ সতৰ্ক কৰি কয় যে এনে ঘটনাত কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব আৰু পুনৰ যদি এনে ঘটনা ঘটে তেন্তে “মোৰ দৰে বেয়া কোনো নহ’ব”।
পশ্চিমবংগ চৰকাৰে ৰাজহুৱা স্থানত নামাজ পঢ়াৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ পিছত ছাৰ্কাছ পাৰ্ক অঞ্চলত অবৈধ দখল উচ্ছেদ অভিযান চলোৱা হৈছিল। সেই সময়ত স্থানীয় লোকে শিলগুটি নিক্ষেপ আৰম্ভ কৰে। ঘটনাটোত কেইবাজনো বিষয়া আহত হোৱাৰ লগতে বহু বাহনৰ ক্ষতি হয়। মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে কয় যে জম্মু-কাশ্মীৰৰ দৰে পশ্চিমবংগতো এনে সংস্কৃতি চলি থাকিবলৈ দিয়া নহ’ব।
মুছলমান অধ্যুষিত অঞ্চলত সংঘটিত শিলগুটি নিক্ষেপৰ ঘটনাত ৬জন আৰক্ষী আৰু CRPF-ৰ ২জন জোৱান আহত হোৱা বুলি তেওঁ জানিবলৈ দিয়ে। ইতিমধ্যে ৪০জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু আৰক্ষী আয়ুক্তই নিজে তদন্ত তদাৰক কৰি আছে বুলি মন্তব্য কৰে তেওঁ।
তেওঁ কয়, “এই ধৰণৰ অশান্তি, গুণ্ডাগিৰি, ৰাষ্ট্ৰবিৰোধী আৰু সমাজবিৰোধী কাৰ্যকলাপ কেতিয়াও সহ্য কৰা নহ’ব। আমি এনে কাৰ্যকলাপ চলি থাকিবলৈ নিদিওঁ।”
আৰক্ষী আৰু কেন্দ্ৰীয় বাহিনীৰ ভূমিকাৰ প্ৰশংসা কৰি শুভেন্দু অধিকাৰীয়ে কয় যে উত্তেজিত জনতাই উচটনি দিয়াৰ পিছতো আৰক্ষীয়ে সংযম বজাই ৰাখিছিল। তৃণমূল কংগ্ৰেছৰ পূৰ্বৰ চৰকাৰক আক্ৰমণ কৰি তেওঁ কয়, “সেই দিন শেষ হৈছে যেতিয়া আৰক্ষী আহত হৈ আছিল আৰু মন্ত্ৰীসকল এচি কক্ষত বহি আছিল।”
তেওঁ লগতে কয়, “পুৰণি নিয়ম এতিয়াও চলি আছে বুলি নাভাবিব। যদি কোনোবাই ভাবে আৰক্ষী হাত-ভৰি বান্ধি কাম কৰি থাকিব, তেন্তে তেওঁলোক ভুল ভাবিছে।”
শুভেন্দু অধিকাৰীয়ে কয়, “ৰাজনৈতিক আৰু ধৰ্মীয় সংগঠনে আৰক্ষীক অৱগত কৰি অনুষ্ঠান আয়োজন কৰিব পাৰে, কিন্তু মানুহ একত্ৰিত কৰি ধৰ্মীয় শ্লোগান দি শিলগুটি নিক্ষেপ কৰাৰ ঘটনা চলি থাকিব নোৱাৰে। শ্ৰীনগৰ আৰু কাশ্মীৰত আৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপ বন্ধ হৈছে। মোৰ বিশ্বাস পশ্চিমবংগ আৰু কলকাতাতো এই সংস্কৃতি বন্ধ হ’ব।”
বংগৰ নতুন মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “য’ত মানুহে ধৰ্মীয় শ্লোগান দি হঠাতে শিলগুটি নিক্ষেপ আৰম্ভ কৰে, তেনে পৰিস্থিতি কেতিয়াও সহ্য কৰা নহ’ব। অনুচ্ছেদ ৩৭০ বাতিলৰ পিছত কাশ্মীৰত শিলগুটি নিক্ষেপ বন্ধ হৈছিল। এতিয়া কলকাতা আৰু সমগ্ৰ পশ্চিমবংগত এই ঘটনাসমূহ সম্পূৰ্ণৰূপে বন্ধ কৰাৰ সময় আহি পৰিছে।”
তেওঁ আৰক্ষীক উদ্দেশ্যি কয়, “ব্যৱস্থা গ্ৰহণ কৰাৰ আগতে পাঁচবাৰ চিন্তা কৰাৰ প্ৰয়োজন নাই। কোনে কোন দল, ধৰ্ম বা সম্প্ৰদায়ৰ সেই কথা নাভাবি আইনৰ মতে ব্যৱস্থা গ্ৰহণ কৰক।”
ডিজিটেল ডেস্ক, ১৯ মে’