নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় তাৰকা ক্ৰিকেটাৰ ৰিংকু সিঙৰ পিতৃৰ দেহাৱসান

ভাৰতীয় ক্ৰিকেটাৰ ৰিংকু সিঙৰ পিতৃৰ দেহাৱসান ঘটিছে। তেওঁ গ্ৰেটাৰ নইদাৰ Yatharth Hospitalত অন্তিম নিশ্বাস ত্যাগ কৰে। ৰিংকু সিঙৰ পিতৃ খচন্দ্ৰ সিং ষ্টেজ-৪ লিভাৰ কেন্সাৰত ভুগি আছিল। শেহতীয়াকৈ তেওঁৰ শাৰীৰিক অৱস্থা অতি গুৰুতৰ হৈ পৰাত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। পিতৃৰ অসুস্থতাৰ খবৰ পোৱাৰ লগে লগে ৰিংকু সিঙে টীম ইণ্ডিয়াৰ শিবিৰ এৰি লগে লগে ঘৰলৈ উভতি যাবলগীয়া হয়।

খচন্দ্ৰ সিং কেইবাদিন ধৰি মেকানিকেল ভেণ্টিলেটৰ ছাপোৰ্টত আছিল আৰু তেওঁক নিৰন্তৰ ৰিনেল ৰিপ্লেচমেণ্ট থেৰাপী দিয়া হৈছিল।

টি-২০ বিশ্বকাপত টীম ইণ্ডিয়াৰ অন্যতম গুৰুত্বপূৰ্ণ খেলুৱৈ ৰিংকু সিঙে দল এৰি ঘৰলৈ উভতি যোৱাৰ খবৰ পোৱা গৈছিল। মঙলবাৰে চেন্নাইত অনুষ্ঠিত দলৰ অনুশীলন শিবিৰত তেওঁ অংশ লোৱা নাছিল, আন খেলুৱৈসকল অৱশ্যে অনুশীলনত ব্যস্ত দেখা গৈছিল। ইয়াৰ পিছতেই জানিব পৰা যায় যে তেওঁৰ পিতৃ জীৱন-মৃত্যুৰ সৈতে যুঁজ দি আছিল, সেইবাবে ৰিংকু ঘৰলৈ উভতি যাবলগীয়া হৈছিল। উল্লেখ্য যে ২৮ বছৰীয়া ৰিংকু সিং উত্তৰ প্ৰদেশৰ আলিগড়ৰ বাসিন্দা।

ৰিংকু সিঙৰ পিতৃয়ে অতি কষ্টৰে পৰিয়াল পোহপাল দিছিল। তেওঁ গেছ চিলিণ্ডাৰ ডেলিভাৰীৰ কাম কৰিছিল আৰু ঘৰে ঘৰে গেছ চিলিণ্ডাৰ যোগান ধৰিছিল। পুত্ৰৰ সফলতাৰ পিছতো তেওঁ নিজৰ কাম এৰি দিয়া নাছিল।

এতিয়া এই শোকাৱহ ঘটনাৰ পিছত তেওঁ কেতিয়া পুনৰ টীম ইণ্ডিয়াত যোগ দিব তাক লৈ কোনো স্পষ্ট তথ্য উপলব্ধ হোৱা নাই।

ডিজিটেল ডেস্ক, ২৭ ফেব্ৰুৱাৰী

You might also like