নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জৱাহৰলাল নেহৰু আছিল তীব্ৰ সংৰক্ষণবিৰোধী : প্ৰধানমন্ত্ৰী মোদী

নিয়মীয়া বাৰ্তা ডিজিটেল, ৭ ফেব্ৰুৱাৰীঃ আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংৰক্ষণ সন্দৰ্ভত দেশৰ প্ৰথমজন প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুক লক্ষ্য কৰি লয়। তেওঁ কয় যে প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু সংৰক্ষণবিৰোধী। ৰাজ্যসভাত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ ভাষণ সন্দৰ্ভত ধন্যবাদৰ প্ৰস্তাৱ সন্দৰ্ভত হোৱা আলোচনাৰ উত্তৰত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে জৱাহৰলাল নেহৰুৱে মুখ্যমন্ত্ৰীসকললৈ এখন পত্ৰ লিখিছিল। এই পত্ৰখনত নেহৰুৱে লিখিছিল যে মই কোনো ধৰণৰ সংৰক্ষণ ভাল নাপাওঁ আৰু বিশেষকৈ চাকৰিত সংৰক্ষণ ভাল নাপাওঁ। মই এনে যিকোনো পদক্ষেপৰ বিৰোধী যিয়ে অদক্ষতাক প্ৰসাৰিত কৰে আৰু দ্বিতীয় শ্ৰেণীৰ মানদণ্ডলৈ লৈ যায়। কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নাম নোলোৱাকৈয়ে প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে কংগ্ৰেছে জন্মৰ পৰাই সংৰক্ষণৰ বিৰোধিতা কৰিছে। আগতে নেহৰুৱে কৈছিল যে অনুসূচিত জাতি (SC), অনুসূচিত জনজাতি (ST) আৰু OBCসকলে চাকৰিত সংৰক্ষণ পালে কামৰ মান কমি যাব। আজি এইসকল লোকে হিচাপ কৰি আছে কিমানজন বিষয়া কোন জাতিৰ। দৰাচলতে প্ৰতিদিনে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে দেশত জাতি লোকপিয়লৰ দাবী উত্থাপন কৰি কৈছে যে প্ৰত্যেকৰে জনসংখ্যা কিমান ৰাইজে জানিব লাগে। শেহতীয়াকৈ তেওঁ কৈছিল যে ৯০জন বিষয়াৰ ভিতৰত মাত্ৰ ৩জনহে অ’বিচিৰ পৰা আহিছে। কংগ্ৰেছ দলিত, পিছপৰা শ্ৰেণী আৰু জনজাতীয় লোকৰ জন্মগত আৰু আটাইতকৈ ডাঙৰ বিৰোধী। নেহৰুজীয়ে কৈছিল যে যদি SC/ST, OBC য়ে চাকৰিত ৰিজাৰ্ভচন পায় তেতিয়া চৰকাৰী কামৰ স্তৰ কমি যাব। কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ে সোমবাৰে (৫ ফেব্ৰুৱাৰী) ৰাঁচীত সমদল উলিওৱাৰ সময়ত কেন্দ্ৰত ‘ইণ্ডিয়া’ মিত্ৰজোঁটৰ চৰকাৰ গঠন হ’লে জাতিভিত্তিক লোকপিয়ল কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিছিল। লগতে সংৰক্ষণৰ ৫০ শতাংশ সীমা আঁতৰাই দিম বুলি কৈছিল।

You might also like