নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হেমন্ত ছোৰেনৰ ইডি ৰিমাণ্ড পুনৰ ৫ দিন বৃদ্ধি

নিয়মীয়া বাৰ্তা ডিজিটেল, ৭ ফেব্ৰুৱাৰীঃ ৰিমাণ্ডৰ সময়সীমা শেষ হোৱাৰ পিছত আজি আদালতত ইডিৰ দলে হাজিৰ কৰোৱায় প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনক। এই সময়ত দুয়োপক্ষৰ মাজত বিতৰ্ক হৈছিল। প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনক অধিক জেৰাৰ বাবে আদালতৰ পৰা ৭ দিনৰ ৰিমাণ্ড বিচাৰিছিল ইডিয়ে। যাৰ সপক্ষে আদালতে পাঁচ দিনৰ ৰিমাণ্ড পিৰিয়ডত অনুমোদন জনাইছে। ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনৰ হৈ হাজিৰ হৈ এডভোকেট জেনেৰেলে কয় যে ইডিয়ে ৭ দিনৰ ৰিমাণ্ড বিচাৰিছিল, যাৰ আমি তীব্ৰ বিৰোধিতা কৰিছিলো আৰু কৈছিলো যে তেওঁক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে বাবে অধিক ৰিমাণ্ডৰ প্ৰয়োজন নাই। দীৰ্ঘ জেৰাত তেওঁক ১২০ ঘণ্টা ধৰি জেৰা কৰা হৈছে; সেয়েহে আৰু কোনো ধৰণৰ ৰিমাণ্ডৰ বাবে কোনো প্ৰয়োজন নাই। কটকটীয়া নিৰাপত্তাৰ মাজতে ৰাঁচীৰ পিএমএমএ আদালতত হাজিৰ কৰোৱা হয় হেমন্ত ছোৰেনক। গাড়ীৰ পৰা নামি আহি তাত উপস্থিত থকা মানুহবোৰক হাত জোকাৰি অভিবাদন জনায়। ৮ ঘণ্টা ধৰি দীঘলীয়া জেৰাৰ অন্তত ৩১ জানুৱাৰীত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল হেমন্ত ছোৰেনক। ইডিৰ জিম্মাত থকাৰ সময়তে ৰাজভৱনত উপস্থিত হৈ ৰাজ্যপালৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰে তেওঁ। শেহতীয়াকৈ হেমন্ত ছোৰেনৰ পত্নী কল্পনা ছোৰেনে ইডিৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল। কল্পনাই কৈছিল যে হেমন্ত ছোৰেনক ফ্ল’ৰ টেষ্টৰ বাবে বিধানসভাত হাজিৰ হ’ব নোৱাৰাৰ বাবে ইডিয়ে আদালতত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল। আনহাতে আজি হেমন্ত ছোৰেনৰ বিবাহ বাৰ্ষিকী য’ত তেওঁৰ পত্নীয়ে ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছে। আচলতে পত্নীয়ে হেমন্ত ছোৰেনৰ ‘এক্স’ হেণ্ডেল ব্যৱহাৰ কৰি আছে। কল্পনাই টুইটটোত লিখিছে, “ঝাৰখণ্ডৰ অস্তিত্ব আৰু পৰিচয় ৰক্ষাৰ বাবে হেমন্তজীয়ে হাৰ মানিবলৈ তেওঁ স্বীকাৰ নকৰে তেওঁ ষড়যন্ত্ৰৰ বিৰুদ্ধে যুঁজি তাক পৰাস্ত কৰাৰ বাবে নিজকে উৎসৰ্গা কৰাটোৱেই ভাল বুলি ভাবিলে। আজি আমাৰ ১৮ বছৰীয়া বিবাহ বাৰ্ষিকী, কিন্তু হেমন্তজী পৰিয়ালৰ মাজত নাই। সন্তানৰ লগত নহয়। আমি বিশ্বাস কৰোঁ যে তেওঁ এই ষড়যন্ত্ৰক পৰাস্ত কৰি বিজয়ী হৈ আমাৰ সকলোৰে সৈতে অতি সোনকালে যোগ দিব। মই এজন সাহসী ঝাৰখণ্ডী যোদ্ধাৰ জীৱনসংগী। মই আজি আৱেগিক নহ’ম। হেমন্তজীৰ দৰে ময়ো কঠিন পৰিস্থিতিতো হাঁহি মাৰি তেওঁৰ সাহস আৰু সংগ্ৰামৰ শক্তি হৈ পৰিম।

You might also like