নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

NDA-ৰ বিশাল অগ্ৰগতি : RSS-ৰ মুখ্যালয়ত আনন্দ-উল্লাস

বিহাৰত এনডিএ আৰু বিজেপিৰ প্ৰচণ্ড অগ্ৰগতিৰ আনন্দত নাগপুৰত বিজেপি কৰ্মীসকলৰ মাজত উৎসৱমুখৰ পৰিৱেশ সৃষ্টি কৰিছে। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (RSS)-ৰ মুখ্যালয়ৰ ওচৰতে ববৰ্কাছ চকত বিজেপি সমৰ্থকে ফটকা ফুটাই, ঢোল বজাই জয়োৎসৱ পালন কৰা আৰম্ভ কৰিছে।

উল্লাসত মগ্ন বিজেপি কৰ্মীসকলে নাচ-গানৰ মাজতেই যাতায়াতকাৰী লোককো মিঠাই বিতৰণ কৰিছে। এনডিএ-ৰ বৃহৎ অগ্ৰগতি প্ৰকাশ পোৱাৰ লগে লগে অঞ্চলটোত সম্পূৰ্ণ উৎসৱৰ ৰঙত ৰঙীন হৈ উঠিছে।

ডিজিটেল ডেস্ক, ১৪ নৱেম্বৰ

You might also like