সন্ধিয়া বিজেপি কৰ্মী-সমৰ্থকক সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে
NDA-ৰ অগ্ৰগতিৰ পিছত নিশ্চিত বিজয়ৰ দিশে আগবঢ়াৰ পিছত বিজেপি কৰ্মীসকলক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
বিহাৰ নিৰ্বাচনত NDA-এ বাম্পাৰ সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ দিশে অগ্ৰসৰ হোৱাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সন্ধিয়া প্ৰায় ৬ বজাত বিজেপিৰ মুখ্যালয়ত উপস্থিত হ’ব বুলি সূত্ৰে জনা গৈছে।
NDA-ৰ এই প্ৰচণ্ড জয় পালনৰ কাৰণে প্ৰধানমন্ত্ৰীয়ে বিজেপিৰ কৰ্মী আৰু সমৰ্থকক সম্বোধন কৰিব বুলি জানিব পৰা গৈছে।
বিহাৰত উল্লেখযোগ্য অগ্ৰগতিৰ ফলাফল ঘোষণাৰ লগে লগে বিজেপি মুখ্যালয়ত উৎসৱমুখৰ পৰিবেশ পৰিলক্ষিত হৈছে।
ডিজিটেল ডেস্ক, ১৪ নৱেম্বৰ