নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিৰ্বাচনীৰ ফলাফল ঘোষণাৰ দুসপ্তাহ পিছত কেৰালামৰ নতুন মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণ

কেৰালামত বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ দুসপ্তাহ পিছত অৱশেষত UDF চৰকাৰ গঠন কৰা হৈছে। ভি ডি সতীশন (V. D. Satheesan) কেৰালামৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিছে। ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰে  তেওঁক মুখ্যমন্ত্ৰীৰ পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰায়।

কংগ্ৰেছ নেতৃত্বাধীন UDF চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান তিৰুৱনন্তপুৰমৰ চেণ্ট্ৰেল ষ্টেডিয়ামত অনুষ্ঠিত হয়। মুখ্যমন্ত্ৰী ভিডি সতীশনৰ উপৰি আন ২০জন বিধায়কে মন্ত্ৰী পদৰ শপতগ্ৰহণ কৰে।

মুখ্যমন্ত্ৰীৰ লগতে Indian Union Muslim League (IUML)-ৰ ৫জন বিধায়কেও মন্ত্ৰী হিচাপে শপত লয়। কেৰালামত IUML কংগ্ৰেছৰ এক গুৰুত্বপূর্ণ মিত্ৰ দল আৰু দলটোৰ ২২জন বিধায়ক আছে।

নতুন চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠানত মল্লিকাৰ্জুন খাৰ্গে, ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীও উপস্থিত থাকে।

  • কেৰালাৰ নতুন মন্ত্ৰীসভাৰ সদস্যসকল
  • ভিডি সতীশন (মুখ্যমন্ত্ৰী)
  • পিকে কুনহালিকুট্টি
  • ৰমেশ চেন্নিথলা
  • কে মুৰলীধৰন
  • ছানি যোছেফ
  • মন্স যোছেফ
  • শিবু বেবী জন
  • অনুপ জেকব
  • চিপি জন
  • এপি অনিল কুমাৰ
  • এন সমছুদীন
  • পিচি বিষ্ণুনাথ
  • ৰোজী এম জন
  • বিন্দু কৃষ্ণ
  • এম লিজু
  • কে এম শাজী
  • পিকে বশীৰ
  • ভিই আব্দুল গফুৰ
  • টি ছিদ্দিকী
  • কে এ তুলসী
  • অ’ জে জনীশ

ডিজিটেল ডেস্ক, ১৮ মে’

You might also like