হাইভল্টেজ মেচত দিল্লীৰ হাতত পৰাস্ত ৰাজস্থান ৰয়েলছ
আইপিএলৰ হাইভল্টেজ মেচত দিল্লী কেপিটেলছৰ হাতত পৰাস্ত হয় ৰাজস্থান ৰয়েলছ৷ ৰিয়ান পৰাগ নেতৃত্বাধীন ৰাজস্থানে প্লে–ফত স্থান লাভৰ বেলিকা অতি গুৰুত্বপূর্ণ মেচখনত ৫ উইকেটত পৰাজয় বৰণ কৰে৷
ৰাজস্থানৰ এয়া ক্রমাগত তৃতীয় পৰাজয়৷ প্রথমে বেটিং কৰি ৰাজস্থানে বৈভৱ সূর্যবংশীৰ বিস্ফোৰক ৪৬ ৰান, ধ্রুৱ জুৰেলৰ ৫৩ আৰু অধিনায়ক ৰিয়ান পৰাগৰ দুর্দান্ত ৫১ ৰানৰ সহায়ত নির্ধাৰিত ২০ অভাৰত ৮ উইকেট হেৰুৱাই ১৯৩ ৰান সংগ্রহ কৰে৷ ৰিয়ান পৰাগে ২৬টা বলত ৩টা চাৰি আৰু ৫টা ছয়েৰে ইনিংছটো সজায়৷
জয়ছোৱাল, ফেৰেইৰা আৰু শুভম ডুবেই ব্যর্থ হোৱা পৰিলক্ষিত হয়৷ তদুপৰি, টেইল এণ্ডাৰসকলেও অন্তিম অভাৰকেইটাত ৰান সংগ্রহ কৰিবলৈ সক্ষম নহ’ল৷ দিল্লীৰ হৈ মিছেল ষ্টার্কে ৪টা উইকেট দখল কৰে৷ লুংগি এংগিডি আৰু মাধৱ তিৱাৰীয়ে দুটাকৈ উইকেট পায়৷
তীব্র প্রতিদ্বন্দ্বিতাপূর্ণ খেলখনৰ দ্বিতীয় ইনিংছ আৰম্ভ কৰি দিল্লীৰ অ’পেনাৰ অভিষেক পোৰেল আৰু কে এল ৰাহুলে অর্ধশতকেৰে সুন্দৰ প্রদর্শন আগবঢ়ায়৷ প্রথম উইকেটত ১০৫ ৰানৰ যুটি বন্ধাৰ পাছত অভিষেক পোৰেলে ৫১ ৰান কৰি আউট হয়৷
ব্যক্তিগত ৫৬ ৰানত ৰাহুলে বিদায় লোৱাৰ পিছত অধিনায়ক অক্ষৰ পেটেলে খেলখন ধৈর্যসহকাৰে আগুৱাই নিয়ে৷ অক্ষৰ পেটেলে ১৮টা বলত ৩৪ ৰান কৰি দলৰ বিজয়ত গুৰুত্বপূর্ণ বৰঙণি আগবঢ়ায়৷ ৰাজস্থানৰ হৈ জোফ্রা আর্চাৰ আৰু ব্রিজেছ শর্মাই দুটাকৈ উইকেট পায়৷ দিল্লীয়ে ৪টা বল বাকী থকা অৱস্থাত ৫ উইকেট হেৰুৱাই বিজয় লক্ষ্যত উপনীত হয়৷
ডিজিটেল ডেস্ক, ১৭ মে’