হিমাচল প্ৰদেশৰ চম্বা জিলাত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত ৬জন লোকৰ মৃত্যু ঘটিছে। 54A ৰাষ্ট্ৰীয় ঘাইপথৰ চম্বা-নুৰপুৰ পথত ককিৰাৰ সমীপত এখন ইনোভা গাড়ী গভীৰ খাদত পৰি এই শোকাৱহ ঘটনাটো সংঘটিত হয়।
জানিব পৰা মতে, গাড়ীখনত থকা সকলো ৬জন যাত্ৰীৰ ঘটনাস্থলীতে মৃত্যু ঘটে। নিহতসকল গুজৰাটৰ বাসিন্দা বুলি জানিব পৰা গৈছে।
দুৰ্ঘটনাৰ খবৰ পাই আৰক্ষী আৰু উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান চলায়। ঘটনাটোক লৈ সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে।
ডিজিটেল ডেস্ক, ১১ মে’