ৰাঘপুৰ সমষ্টিত পিছ পৰিল তেজস্বী যাদৱ
বিহাৰৰ বৈশালী জিলাৰ ৰাঘপুৰ আসনখনত অদ্ভুত চমক।
মহাগোটবন্ধনৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী তেজস্বী যাদৱ এই মুহূৰ্তত পিছপৰি আছে।
নিৰ্বাচন আয়োগৰ শেহতীয়া তথ্য অনুসৰি বিজেপিৰ সতীশ কুমাৰ এই মুহূর্তত আগবাঢ়ি আছে, আৰু আৰজেডিৰ তেজস্বী যাদৱ প্ৰায় ১,২৭৩ ভোটৰ পিছত দ্বিতীয় স্থানত আছে।
ৰাঘপুৰ তেজস্বীৰ শক্তিশালী বাসভূমি বুলি গণ্য কৰা হয়, সেই প্ৰেক্ষাপটত এই তথ্য বিশেষ তাৎপৰ্য্যপূৰ্ণ হিচাপে ধৰা হৈছে।
ডিজিটেল ডেস্ক, ১৪ নৱেম্বৰ