বক্সাৰৰ BOSS হোৱাৰ দিশে বিজেপিৰ আনন্দ মিশ্ৰ
বিহাৰৰ বক্সাৰ সমষ্টিত চলি থকা ভোটগণনাত বিজেপিৰ প্ৰাৰ্থী আনন্দ মিশ্ৰ এই মুহূর্তত আগবাঢ়ি আছে। প্ৰাক্তন আইপিএছ বিষয়াগৰাকীয়ে কংগ্ৰেছৰ প্ৰাৰ্থীৰ তুলনাত কেইবাশ ভোটৰ উল্লেখযোগ্য অগ্ৰগতি অৰ্জন কৰিছে।
কংগ্ৰেছৰ প্ৰাৰ্থী সঞ্জয় কুমাৰ তিৱাৰীৰ সৈতে তেওঁ আগ্ৰাসী ৰূপত আগবাঢ়িছে। বৰ্তমানলৈকে দ্বিতীয় স্থানত কংগ্ৰেছ প্ৰাৰ্থীগৰাকী, আৰু তৃতীয় স্থানত আছে বিএছপি দলৰ অভিমূন্য মায়াৰী।
আনন্দ মিশ্ৰই ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিয়েই টিকট লাভ কৰিছিল, ফলত সেই সময়তে দলৰ ভিতৰত সৃষ্টি হৈছিল বিসম্বাদ। যদিও সেই সকলো অসন্তোষ অতিক্ৰম কৰি আনন্দ মিশ্ৰ এতিয়া দৃঢ় অগ্ৰগতিসহ আগুৱাই গৈ আছে।
ডিজিটেল ডেস্ক, ১৪ নৱেম্বৰ