নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিতৰ্কৰ মাজতে অভিলেখ : ৪ দিনত তিৰুপতিৰ লাড়ু বিক্রী ১৪ লাখ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৪ ছেপ্টেম্বৰঃ অন্ধ্রপ্রদেশৰ তিৰুপতিৰ ভগৱান শ্রীভেংকটেশ্বৰ মন্দিৰৰ লাড়ূত জন্তুৰ চর্বি বিশেষকৈ গৰু আৰু গাহৰিৰ চর্বিৰ লগতে মাছৰ তেল ধৰা পৰা বিতর্কৰ প্রতিক্রিয়া অব্যাহত থকাৰ সময়তো তিৰুপতি লাড়ূৰ প্রতি আস্থা–বিশ্বাস অটুত আছে ভক্তৰ৷ ইপিনে তিৰুপতিৰ লাড়ুত গৰু–গাহৰিৰ চর্বিৰ তেল, মাছৰ তেলৰ স্থিতি ধৰা পৰা বিষয়টোক লৈ দেশ কঁপাই থকাৰ সময়তে কেন্দ্রীয় চৰকাৰে আজি মন্দিৰৰ কর্তৃপক্ষৰ জৰিয়তে ঘী যোগানকাৰী প্রতিষ্ঠানলৈ কাৰণ দর্শোৱাৰ জাননী জাৰি কৰিছে৷ কেন্দ্রীয় স্বাস্থ্যমন্ত্রী জে পি নাড্ডাই অন্ধ্রপ্রদেশৰ মুখ্যমন্ত্রী এন চন্দ্রবাবু নাইডুৰ পৰা তিৰপতিৰ লাড়ুক লৈ বিতং প্রতিবেদন বিচৰাৰ পাছত চৰকাৰে ঘী যোগানকাৰীলৈ জাননী জাৰি কৰিছে৷ লক্ষণীয় যে তিৰুপতিৰ লাড়ুত জন্তুৰ চর্বিৰ স্থিতি ধৰা পৰাৰ পাছতে মন্দিৰটোৰ লাড়ুৰ প্রতি ভক্তৰ অকণো আস্থা কমা নাই৷ লাড়ু বিতর্কৰ পাছত চাৰি দিনত ১৪ লাখ লাড়ু বিক্রী হৈছে৷ মন্দিৰ কর্তৃপক্ষই প্রকাশ কৰা মতে, ১৯ ছেপ্টেম্বৰত ৩.৫৯ লাখ লাড়ু বিক্রী হোৱাৰ বিপৰীতে ২০ ছেপ্টেম্বৰত ৩.১৮ লাখ, ২১ ছেপ্টেম্বৰত ৩.৬৭ লাখ আৰু ২২ ছেপ্টেম্বৰত ৩.৬০ লাখ লাড়ু বিক্রী হৈছে৷ তথ্য মতে, প্রতিদিনে গড়ে ৩.৫ লাখ লাড়ু বিক্রী হৈছে৷ ভেংকটেশ্বৰ ৰাও নামৰ ভক্ত এজনে প্রকাশ কৰা মতে, তেওঁলোকৰ আস্থাক এনেকুৱা বিতর্কই হ্রাস কৰিব নোৱাৰে৷ ভগৱানৰ প্রতি আস্থা–বিশ্বাস অতি শক্তিশালী৷ মন্দিৰৰ লাড়ুৰ বিতর্ক এতিয়া অতীত হৈছে৷ উল্লেখ্য যে প্রতিদিনে তিৰুপতি মন্দিৰটোত ৩.৫ লাখ লাড়ু প্রস্তুত কৰা হয়৷ প্রতিদিনেই মন্দিৰটোলৈ অহা ভক্তই এই লাড়ু বহু পৰিমাণে ক্রয় কৰি লৈ যায়৷ তিৰুপতিৰ ভগৱান শ্রী ভেংকটেশ্বৰ মন্দিৰত প্রতিদিনে ৩.৫ লাখ লাড়ু প্রস্তুত কৰা হয় আৰু সেই লাড়ু ভক্তসকলক প্রসাদ হিচাপে আগবঢ়োৱা হয়৷ ৩.৫ লাখ লাড়ু প্রস্তুত কৰিবলৈ ৪০০–৫০০ কিলোগ্রাম ঘী, ৭৫০ কিলোগ্রাম কাজু বাদাম, ৫০০ কিলোগ্রাম কিচমিচ আৰু ২০০ কিলোগ্রাম ইলাচী ব্যৱহাৰ কৰা হয়৷ প্রতিটো লাড়ুৰ মূল্য ৪০টকা৷ বৃহৎ পৰিমাণৰ এই লাড়ু প্রস্তুত কৰোতে অতি উন্নত মানৰ ঘীকে ধৰি সামগ্রী ব্যৱহাৰ কৰি অহাৰ বাবেই তিৰুপতিৰ লাড়ু সুস্বাদু বুলি প্রখ্যাত৷

You might also like