নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক্ষুদ্র উদ্যোগ গঢ়ি স্ব–নিয়োজনৰ প্রয়াস জোনাইৰ যুৱকৰ

  •   কৰবী দলে, জোনাই                  

             যি সময়ত শিক্ষিত নিবনুৱাই কর্মসংস্থাপনৰ অভাৱত দিক্–বিদিক্ হেৰুৱাইছে, তেনে সময়তে ধেমাজি জিলাৰ এজন অসমীয়া যুৱক ব্যস্ত হৈ পৰিছে স্ব–নিয়োজনত৷ ধেমাজি জিলাৰ জোনাই মহকুমাৰ বিভিন্ন প্রান্তৰবহু যুৱক–যুৱতীয়ে কর্মসংস্থাপন বিচাৰি ৰাজ্যৰ বাহিৰলৈ ঢ়াপলি মেলাৰ বিপৰীতে নিজা ঐকান্তিক প্রচেষ্টাৰে স্বাৱলম্বী হোৱাৰ আপ্রাণ প্রয়াস চলাইছে জোনাই মহকুমাৰ অন্তর্গত এইজন শিক্ষিত নিবনুৱা যুৱকে৷ নিজকে স্বাৱলম্বী হোৱাৰ লগতে প্লাষ্টিকমুক্ত, প্রদূষণমুক্ত অসম গঢ়াৰ লক্ষ্যৰে আৰম্ভ কৰিছে গছৰ পাতেৰে থাল–বাটি তৈয়াৰ কৰা এটা ক্ষুদ্র উদ্যোগ৷ ৩নং মূর্কংচেলক গাঁও নিৱাসী নেত্র প্রসাদ পাণ্ডে আৰু দুর্গা দেৱী পাণ্ডেৰ পুত্র সূৰুয কুমাৰ পাণ্ডেয়ে প্রথম অৱস্থাত মার্কেটিঙৰ পৰা পাত গোটোৱাৰ কাম নিজে কৰি নিজে স্বাৱলম্বী হোৱাৰ লগতে ধন কুমাৰ ৰায়, কৃষ্ণ ধামাল আৰু তিলেশ্বৰ গিৰি নামৰ তিনিজন যুৱকক এই ক্ষুদ্র উদ্যোগটোত সংস্থাপন দি স্বাৱলম্বী হ’বলৈ সক্ষম হৈছে নিজৰ লগতে পৰিয়ালসমূহো ৷

এই ক্ষুদ্র উদ্যোগটোত দৈনিক ১৫,০০০ গছৰ পাতেৰে তৈয়াৰ কৰা হয় থাল আৰু বাটি৷ জোনাইত এই ক্ষুদ্র উদ্যোগটোত তৈয়াৰ কৰা থাল–বাটিয়ে যথেষ্ট সমাদৰ লাভ কৰাৰ উপৰি চিলাপথাৰ, ধেমাজি, লখিমপুৰৰ লগতে চুবুৰীয়া ৰাজ্য আৰুণাচলৰ পাচিঘাটৰ বিভিন্ন ঠাইতো উৎপাদিত সামগ্রীৰ চাহিদা বৃদ্ধি পাইছে৷ দাৰিদ্র্য সীমাৰেখাৰ তলৰ পৰিয়ালৰ সূৰুয কুমাৰ পাণ্ডে ২০০৫ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু ২০০৭ চনত উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীর্ণ হৈ ঘৰৰ খেতি–বাটি কৰাৰ লগতে কাপোৰৰ দোকান দি একমাত্র নিজাববীয়া প্রচেষ্টাৰে থাল–বাটি তৈয়াৰী কর্মত দেহে–কেহে আত্মনিয়োগ কৰিছে৷ নিষ্ঠা আৰু কষ্টৰে উপার্জন কৰা পুঁজিৰে ২০১৯ চনৰ নৱেম্বৰ মাহত মেচিন কিনিবলৈ সক্ষম হৈছে৷ এই কাম আৰম্ভ কৰি নিজৰ লগতে তিনিটা পৰিয়ালেও স্বাৱলম্বী হ’বলৈ সক্ষম হৈছে৷

You might also like